দুৰাৰোগ্য ৰোগত আক্ৰান্ত টাইটানিকৰ গায়িকা চেলিন ডিয়ন; চিৰদিনৰ বাবে হেৰুৱাব পাৰে কণ্ঠ

নব্বৈৰ দশকত টাইটানিক চলচ্চিত্ৰত গোৱা ‘মাই হাৰ্ট উইল গো অন’ গানটোৱে বিশ্বজুৰি খ্যাতি অৰ্জন কৰে। তেওঁ চেলিন ডিয়ন। কিন্তু যি সংগীতৰ বাবে তেওঁ পৰিচিত সেই গানেই বন্ধ হৈ যাব পাৰে। কাৰণ তেওঁ এক বিৰল স্নায়বিক ৰোগত ভুগি আছে। তেওঁ ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰোম’ নামৰ এক ৰোগত আক্ৰান্ত হৈছে।

৫৪ বছৰীয়া গায়িকগৰাকীয়ে বৃহস্পতিবাৰে এটা ইনষ্টাগ্ৰাম পোষ্ট কৰিছিল। তাত, চেলিনে কৈছিল যে ‘ষ্টিফ পাৰ্চন চিণ্ড্ৰোম’ নামৰ এটা ৰোগ তাইৰ শৰীৰত থিতাপি লৈছে। এই ৰোগটোনো কি?

‘ষ্টিফ পাৰ্চন চিণ্ড্ৰোম’ বা ‘এছপিএছ’ হৈছে এক ‘অটো ইমিউন’ ৰোগ। যদিও এই ৰোগটো কিয় হয় সেয়া নিশ্চিত নহয়, গৱেষকসকলে ধাৰণা কৰে যে যেতিয়া শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে শৰীৰৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক কোনো কাৰণত আক্ৰমণ কৰে তেতিয়া এই সমস্যাটো উদ্ভৱ হয়।

সাধাৰণতে মধ্যবয়সীয়া লোকসকল এই ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। যিহেতু কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ প্ৰভাৱিত হয়, শৰীৰৰ বিভিন্ন পেশী এই ৰোগত জঠৰ হৈ পৰে। ৰোগীয়ে খোজ কাঢ়িব বা কথা পাতিব পৰা ক্ষমতাও হেৰুৱাব পাৰে।

শিল্পীগৰাকীয়ে নিজেই কৈছে যে এই ৰোগত মানুহ মূৰ্তিৰ দৰে স্থবিৰ হৈ পৰে। এইটো অলপ ফিট হৈ পৰাৰ দৰে। কথা কোৱা বা খোজ কঢ়া বন্ধ হৈ আহে। শিল্পীগৰাকীয়ে দাবী কৰে যে ৰোগটো ইমান বিৰল যে প্ৰতি ১০ লাখ লোকৰ ভিতৰত এজন এই ৰোগত আক্ৰান্ত হয়। ৰোগটোৰ আক্ৰমণৰ বাবে তেওঁৰ গান গোৱাটো কঠিন হৈ পৰিছে।

তিনিটা সন্তানৰ মাতৃ চেলিনে এই বছৰৰ জানুৱাৰীত প্ৰথম তেওঁৰ স্বাস্থ্যৰ সমস্যাৰ বিষয়ে ইংগিত দিছিল। তেওঁ ৯ মাৰ্চৰ পৰা ২২ এপ্ৰিললৈ উত্তৰ আমেৰিকাৰ বিভিন্ন ঠাই ভ্ৰমণ কৰাৰ কথা আছিল। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে সেইবোৰ বাতিল কৰিব লগীয়া হয়। চেলিনে কৈছিল যে তেওঁ কেইবাদিনো ধৰি মাসপেশীৰ সংকোচনত ভুগি আছিল। চিকিৎসকসকলে আশংকা কৰে যে ৰোগটোৰ পৰাই লক্ষণ দেখা দিছে।

ইনষ্টাগ্ৰামত নিজৰ অসুস্থতাৰ বিষয়ে কওঁতে চেলিন কান্দোনত ভাগি পৰিছিল। এতিয়ালৈকে ৰোগটোৰ কোনো চিকিৎসা নাই। কেৱল লক্ষণবোৰ হ্ৰাস কৰিবলৈ চেষ্টা কৰিব পাৰি। আৰু তেওঁৰ চিকিৎসকসকলে ইয়াৰ বাবে যথাসাধ্য চেষ্টা কৰি আছে।