ল’কডাউনৰ সময়ত অসম চেম্বাৰ অৱ কমাৰ্চ, শিৱসাগৰ জিলাৰ প্ৰশংসনীয় পদক্ষেপ 

সমগ্ৰ বিশ্বতে এতিয়া ক’ৰ’না ভাইৰাছৰ আতংক। ভাৰততো দৈনিক ক’ৰ’না আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু সমগ্ৰ দেশত দ্বিতীয় পৰ্যায়ৰ ল’কডাউন ঘোষণা কৰিবলগীয়া হৈছে যাৰ বাবে এতিয়া দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা তথা দৰিদ্ৰ পৰিয়াল সমূহৰ মাজত এমুঠি খাদ্যৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

এনে পৰিয়াল সমুহৰ কাষত এতিয়া বিভিন্ন দল-সংগঠন তথা একাংশ মানৱ দৰদী ব্যক্তিয়ে থিয় দিছে।

অসম চেম্বাৰ অৱ কমাৰ্চ, শিৱসাগৰ জিলা সমিতিয়েও লকডাউনৰ সময়ত আৰ্তজনৰ কাষত থিয় দিয়াৰ লগতে গ্ৰহণ কৰিছে কেতবোৰ প্ৰশংসনীয় পদক্ষেপ।

অসম চেম্বাৰ অৱ কমাৰ্চ শিৱসাগৰ জিলা সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ মহনৰ উদ্যোগত জিলাখনৰ বিভিন্ন স্থানত দিন হাজিৰা কৰা তথা দৰিদ্ৰ পৰিয়াল সমূহৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰি অহা হৈছে।

বিগত দিনত ভবেন্দ্ৰ নাথ মহনৰ নেতৃত্বত অসম চেম্বাৰ অৱ কমাৰ্চ শিৱসাগৰ জিলা সমিতিৰ আন আন সদস্যৰ সহায়ত প্ৰতিদিনাই ঘৰে ঘৰে গৈ সামাজিক দূৰত্ব বজাই ৰাখি প্ৰতিটো দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে।

ইপিনে, ল’কডাউনৰ সময়ত জিলা চেম্বাৰ অৱ কমাৰ্চে জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনৰ সৈতে আলোচনা কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অৰ্ডাৰ অনুসৰি ঘৰে ঘৰে দি অহাৰো সু-ব্যৱস্থা অতি শৃংখলাবদ্ধ ভাৱে কৰি আহিছে।

চৰকাৰী নীতি-নিৰ্দেশনা মানি চলি, সামাজিক ব্যৱধানৰ প্ৰতি নজৰ ৰাখি নগৰ তথা গ্ৰাম্যাঞ্চলৰ প্ৰায় চাৰিশৰো অধিক পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা অসম চেম্বাৰ অৱ কমাৰ্চ শিৱসাগৰ জিলা সমিতিৰ এনে পদক্ষেপক সমগ্ৰ শিৱসাগৰবাসীয়ে প্ৰশংসা কৰিছে।

সমিতিৰ সভাপতি ভবেন্দ্ৰ নাথ মহনৰ লগতে কাৰ্যকৰ্তা দীপাংকৰ গগৈ, নৱনীতা কাকতি, ৰাজেশ চান্দক, নৱাল কিশোৰ খান্দেলিয়া, বিজয় শৰ্মা, নন্দী গুৰুং, চুফী আহমেদ, পংকজ বৰা, মুছফিক হুছেইন, উমেশ বালডোৱা, ভাস্কৰ দাস,  ৰবি, নৱজিৎ বৰপাত্ৰগোহাঁই, ধ্ৰুৱ প্ৰসাদ শইকীয়া, মানস কৌশিক, পূৰ্ণ বিকাশ, মানৱ আদিত্য, বিনোদ আগৰৱালা, অংকুৰ কেডিয়া, সুভাস আগৰৱালাকে ধৰি বহু কৰ্মকৰ্তাই সহযোগ কৰে।