ৰয়েল্টীৰ ভাগ বাটোৱাৰাৰ বিষয়ত মুখ্য মন্ত্ৰীক সাক্ষাৎ মেঘালয়ৰ ৩খন স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া

conradsangma

মেঘালয়ত উপলব্ধ গুৰুত্বপূৰ্ণ খনিজসমূহৰ ৰয়েল্টী  স্বায়ত্ব সাসিত জিলা পৰিষদসূহ আৰু ৰাজ্যৰ মাজত যথাক্ৰমে ৬০-৪০ হিচাপে ভাগ -বাটোৱাৰাৰ বিষয়টো লৈ ৩খন স্বায়ত্ব শাসিত জিলাৰ মুখ্য কাৰ্যবাহী বিষয়াসকলে মেঘালয়ৰ মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰে। খাছি পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদ, জয়ন্তীয়া পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদ আৰু গাৰো পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদে আজি মুখ্য মনএত্ৰী ছাংমাক সাক্ষাৎ কৰি গুৰুত্বপূৰ্ণ খনিজ দ্ৰব্যসূহৰ জিলাকেইখনে লাভ কৰিবলগীয়া ৰয়েল্টীৰ অংশ মোকোলাই দিয়াৰ বিষয়টো বিৱোচনা কৰাৰ বাবে অনুৰোধ জনায়।

এই সকলোকেইখন স্বায়ত্ব শাসিত জিলা পৰিষদ এনপিপিয়ে শাসন কৰে।

সভাৰ পাছত খাছি পাহাৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া হিছপ্ৰেচিং ছন শ্বিলাই কয় যে তিনিওখন স্বায়ত্ব-শাসিত জিলাৰ প্ৰতিনিধিসকলে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি স্বায়ত্ব শাসিত জিলা আৰু ৰাজ্য চৰকাৰৰ মাজত ৰায়েল্টীৰ ভাগ ৬০-৪০ কৰা বাবে জাৰি কৰা ১৯৯৩ চনত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশটো দাখিল কৰে।

শ্বিলাই আৰু কৈছে যে ৰয়েল্টীৰ অংশ বৰ্তমান স্বায়ত্ব শাসিত জিলা পৰিষদে ২৫ শতাংশ আৰু ৰাজ্য চৰকাৰে ৭৫ শতাংশ হিচাপে লাভ কৰি আহিছে।

উল্লেখ্য যে মুখ্য মন্ত্ৰীয়ে এই ক্ষেত্ৰত কোনো আশ্বাস প্ৰদান কৰা নাই যদিও উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাম কৰা হ’ব বুলি মুখ্য মন্ত্ৰী ছাংমাই কৈছে বুলি হিছপ্ৰেচিং ছন শ্বিলাই কৈছে।