কেন্দ্ৰই কাগজ কল বন্ধ কৰি চীনৰ পৰা অধিক দামত কাগজ আমদানি কৰিছে : এইচ্ছ পি চি পেপাৰ মিল্‌ছ ৰিভাইভেল একশ্যন কমিটি

Cachar-paper-mill-266x200

প্ৰতিনিধিত্বমূলক চিত্ৰ

কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু ২০ মাহৰ বকেয়া আদায়ৰ দাবীত ২৬ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰুজ্জীৱিতকৰণ আৰু কৰ্মচাৰীসকলৰ ২০ মাহৰ বকেয়া দৰমহা মোকলাই দিয়াৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে নৱগঠিত এইচ্ছ পি চি পেপাৰ মিল্‌ছ ৰিভাইভেল একশ্যন কমিটীয়ে।

মঙলবাৰে শিলচৰত এখন সংবাদমেলত কমিটিৰ মুখ্য সংযোজক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে কাছাৰ আৰু নগাঁও কাগজ কল দুটাৰ বাবে ৯০ কোটি টকাৰ পেকেইজৰ ফাইল প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ত পৰি আছে। মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উক্ত ধনখিনি মোকলাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে। কিন্তু উদ্যোগ দুটাৰ কৰ্মচাৰীসকল বহু মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ থকা সত্ত্বেও মুখ্য মন্ত্ৰীয়ে বিষয়টোত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। আনফালে চৰকাৰে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি দি আহিছে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিক সাৰহীন আখ্যা দি তেওঁ কয় যে একশ্যন কমিটীয়ে কাগজ কল দুটাৰ পুনৰুজ্জীৱিতকৰণ আৰু দৰমহাৰ টকা শীঘ্ৰে মোকলাই নিদিলে অহা ২৬ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা ২ বজালৈ ৬ আৰু ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী পালন কৰিব।

মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে জনায় যে এই কাৰ্য্যসূচীৰ পিছতো চৰকাৰৰ গা নলৰিলে, পৰৱৰ্তী সময়ত ৰেইল ৰুকো আৰু বৰাক বন্ধ কাৰ্যসূচী পালন কৰিব।

উল্লেখযোগ্য যে কাছাৰ কাগজ কলটো ২০১৫ চনৰ ২০ অক্টোবৰ আৰু নগাঁও কাগজ কলটো ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা বন্ধ হৈ আছে। কল দুটা কেন্দ্ৰীয় চৰকাৰে কোনো জাননী নিদিয়াকৈ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত কল দুটাত কৰ্মৰত কৰ্মচাৰীসকলে আন্ধাৰ দেখিছে। তেওঁলোক পৰিয়ালৰ ভৱিষ্যতক লৈ অতিশয় উদ্বিগ্ন হৈ পৰিছে।

জানিব পৰা মতে, কাছাৰ কাগজ কল বন্ধ কৰি দিয়াৰ দুদিন আগলৈ কলটোৱে ৩০০ টন কাগজ উৎপাদন কৰিছিল আৰু বহু দিনৰ কেঁচা সামগ্ৰীও মজুত আছিল একেদৰে নগাঁও কাগজ কলো কোনোধৰণৰ জাননী নিদিয়াকৈ বন্ধ কৰি দিয়া হৈছে।

মানৱেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে যোৱা বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত পাঁচগ্ৰামত আৰু ৰহাত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰধান মন্ত্ৰী মোদীয়ে কাগজ কল দুটা পুনৰুজ্জীৱিতকৰণৰ প্ৰতিশ্ৰুতি দিছিল।

তেওঁ আৰু অভিযোগ কৰে যে এফালে কেন্দ্ৰৰ বিজেপি চৰকাৰে বজাৰত কাগজৰ কৃত্ৰিম নাটনি দেখুৱাই অধিক দামত চীনৰ পৰা কাগজ আমদানি কৰিছে। ২০১৭-১৮ চনত ৫১০ কোটি মেট্ৰিকটন আৰু দক্ষিণ কোৰিয়াৰ পৰা ১৫০ হাজাৰ মেট্ৰিকটন কাগজ আমদানি কৰে চৰকাৰে।