NORTHEAST NOW (Assamese)

যান বাহন আইনক লৈ কেন্দ্ৰৰ সকীয়নি; ৰাজ্যই জৰিমনা হ্ৰাস কৰিলে হ’ব পাৰে ৰাষ্ট্ৰপতি শাসন

January 7, 2020 10:18 am · এন ই নাও নিউজ
Updated: January 7, 2020 10:19 am
প্ৰতিনিধিত্বমূলক ফটো

কেন্দ্ৰীয় চৰকাৰে যান-বাহন (সংশোধন) আইন,২০১৯’ অমান্য কৰাৰাজ্যসমূহত ৰাষ্ট্ৰপতি শাসন জাৰি কৰাৰ ধমক দিছে।

কেন্দ্ৰৰ মতে পৰিবহনৰ সংশোধিত নিয়মৰ বিৰুদ্ধে গৈ জৰিমনা আদায় কৰাৰ ৰাজ্যসমূহৰ অধিকাৰ নাই।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, যদি কোনো ৰাজ্য চৰকাৰে এই নিয়মৰ বিপৰীতে গৈ জৰিমনা হ্ৰাস কৰে তেতিয়াহ’লে সাংবিধানিক ব্যৱস্থাক উলংঘা কৰাৰ বাবে কেন্দ্ৰই তাত ৰাষ্ট্ৰপতি শাসনো জাৰি কৰিব পাৰে।

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে সোমবাৰে স্পষ্ট কৰি দিয়ে যে যিকোনো ৰাজ্যই যান-বাহন (সংশোধন) আইন ২০১৯ৰ বিধিগত ব্যৱস্থা অনুসৰি নিৰ্দ্ধাৰণ কৰা জৰিমনা হ্ৰাস কৰিব নোৱাৰে।

মন্ত্ৰ্যালয়ে কয় যে যিকোনো আইন তেতিয়ালৈ ৰাজ্য চৰকাৰে প্ৱৰ্তন কৰিব নোৱাৰে যেতিয়ালৈকে সেইখন ৰাষ্ট্ৰপতিয়ে অনুমোদন নিদিয়ে।

ৰাজ্যসমূহলৈ প্ৰেৰণ কৰা পৰামৰ্শত মন্ত্ৰ্যালয়ে কয় যে যান-বাহন (সংশোধন) আইন ২০১৯’ সংসদত গৃহীত আইন। ৰাজ্যসমূহে জৰিমনাৰ সীমা হ্ৰাস কৰাৰ কোনো আইন পাছ কৰিব নোৱাৰে নাইবা কাৰ্যকৰী নিৰ্দেশ দিব নোৱাৰে।

কেইখনমান ৰাজ্যই কিছুক্ষেত্ৰত জৰিমনাৰ পৰিমান হ্ৰাস কৰাৰ পাছত পৰিবহন মন্ত্ৰ্যালয়ে এই বিষয়ত আইন মন্ত্ৰ্যালয়ৰ পৰা পৰামৰ্শ বিচাৰে।

Related News