‘ৰ’ৰ কুমন্ত্ৰণাত দুই মুখ্যমন্ত্ৰীৰ সন্মতিত কুইপ’ৰ অপহৃত বিষয়াক হত্যা কৰিব সেনাই!’; আলফা(স্বা)ৰ বিস্ফোৰক দাবী

ul-750x375

সংযুক্ত মুক্তি বাহিনী, অসম(স্বাধীন)এ অপহৰণ কৰা কুইপ’ নামৰ বাক্তিগত খণ্ডৰ তৈল প্ৰতিষ্ঠানটোৰ দুই বিষয়া ক্ৰমে অসমৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক ভাৰতীয় সেনা বাহিনীয়ে অভিযান চলাই হত্যা কৰাৰ ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিছে। এই বিস্ফোৰক দাবী আলফা(স্বা)ৰ।

শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমৰ স্বাক্ষৰিত এক বিবৃতিত উত্তৰ পূৱৰ বিদ্ৰোহী সংগঠনটোৱে এই বিস্ফোৰক দাবী কৰি লগতে কয় যে ৰ’সহ ভাৰতীয় সেনা বাহিনীৰ চোৰাংচোৱা সংস্থাসমূহৰ পৰিকল্পনাৰ মৰ্মে ভাৰতীয় সেনাবাহিনীৰ ইউনিফাইড কমাণ্ডৰ দ্বাৰা পৰিচালিত এক অভিযানেৰে কুইপ’ৰ দুই অপহৃত বিষয়া হত্যা কৰি ইয়াৰ দায়িত্ব আৰু দোষ আলফা(স্বা) ওপৰত জাপি দিয়াৰ অভিসন্ধি কৰা হৈছে।

এই পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে অনুমোদন দিয়া বুলি বিদ্ৰোহী সংগটনটোৱে দাবী কৰিছে।

ভৱিষ্যতে এনে কোনো অনাকংক্ষিত ঘটনা সংঘটিত হ’লে ইয়াৰ বাবে ভাৰতীয় দখলদাৰী বাহিনীহে দায়ী হ’ব, ইয়াৰ বাবে আলফা(স্বা) দায়ী নহ’ব বুলি বিবৃবিটোৰ জৰিয়তে সংগঠনটোৱে ঘোষণা কৰিছে।

উল্লেখ্য যে কুইপ’ৰ বিষয়া দুগৰাকীক ২০২০ চনৰ ২০ ডিচেম্বৰত অৰুণাচলৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা আলফা(স্বা) আৰু এনএচচিএনে অপহৰণ কৰি নিছিল।

এমাহ অতিক্ৰম কৰাৰ পিছতো বিষয়া দুজনৰ মুক্তিৰ বাবে চৰকাৰ তথা কুইপে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত তেওঁলোকৰ জীৱনলৈ অনিশ্চয়তা নামি আহিছে।

ইয়াৰ পিছতে ১৬ ফেব্ৰুৱাৰীৰ ভিতৰত কুইপ’ নামৰ কোম্পানীটোৱে দাবী কৰা মুক্তিপণ আদায় নিদিলে কোম্পানীটোৰ বিহাৰৰ অপহৃত বিষয়া ৰাম কুমাৰক ১৭ ফেব্ৰৱাৰীত হত্যা কৰাৰ ভাবুকি দিছিল আলফা(স্বা)এ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আলফাই ম্যানমাৰৰ ঘন অৰণ্যৰ পৰা প্ৰেৰণ কৰিছিল এক ভিডিঅ’। উক্ত ভিডিঅ’ত কুইপ’ৰ বিষয়াদ্বয় ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰে তেওঁলোকৰ মুক্তিৰ বাবে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিবলৈ কোম্পানীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে অসম তথা বিহাৰৰ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছিল।

আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই কুইপ’ৰ সৈতে আলোচনা সফল নহ’লে বিষয়া দুগৰাকীৰ বিশেষকৈ বিহাৰৰ বিষয়া ৰাম কুমাৰৰ জীৱনলৈ ভাবুকি নামি আহিব পাৰে বুলি সকিয়াই দিছিল।

আলফা(স্বা)ৰ এই ভাবুকিৰ পিছতে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে কুইপ’ৰ অপহৃত দুই বিষয়াক ইউনিফাইড কমাণ্ডৰ দ্বাৰা হত্যা কৰাৰ গোপন আঁচনি তৈয়াৰ কৰা বুলি আলফা(স্বা)এ দাবী কৰিছে।