বিভ্ৰান্তিকৰ বিজ্ঞাপন! কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ কেন্দ্ৰৰ; ৩১ টা চেন্টাৰৰ বিৰুদ্ধে জাননী জাৰি

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশৰ বাবে ৩১ টা কোচিং ইনষ্টিটিউটৰ বিৰুদ্ধে জাননী জাৰি কৰিছে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষ বা চেন্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি (CCPA)য়ে। ইয়াৰ ভিতৰত ৯ টা কোচিং প্ৰতিষ্ঠানক জৰিমনা বিহা হৈছে।

এই সকলোবোৰ প্ৰতিষ্ঠানে ইচ্ছাকৃতভাৱে প্ৰাৰ্থীৰ পছন্দৰ পাঠ্যক্ৰম, ইয়াৰ সময়সীমা আৰু দৰমহাৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লুকুৱাই ৰাখিছে।

কোনো সুনিৰ্দিষ্ট প্ৰমাণ দাখিল নকৰাকৈয়ে তেওঁলোকে দাবী কৰে যে যিসকলে ভৰ্তি হ’ব তেওঁলোকৰ ১০০ শতাংশই নিৰ্বাচিত হৈ নিশ্চিত চাকৰিৰ সুযোগ লাভ কৰিব।

লগতে পঢ়কঃ ধৰ্ষণৰ গোচৰত দোষী সাৱ্যস্ত তাৰকা ক্ৰিকেটাৰ সন্দীপ লামিচানেক ৮ বছৰৰ কাৰাদণ্ডৰ শাস্তি

উল্লেখ্য যে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই মঙলবাৰে প্ৰথমখন বৈঠকত এই সকলোবোৰ কোচিং ইনষ্টিটিউট সন্দৰ্ভত নিৰ্দিষ্ট নিৰ্দেশনা প্ৰস্তুত কৰিছে। এই সকলোবোৰ নীতি নিৰ্দেশনা অনলাইন বা অফলাইন সকলো কোচিং ইনষ্টিটিউটৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব।

এই গাইডলাইনত এই কথাও উল্লেখ আছে যে সফলতাৰ হাৰ সন্দৰ্ভত প্ৰতিষ্ঠানসমূহে কোনো ধৰণৰ ভুৱা বিজ্ঞাপন দিব নোৱাৰিব। উপভোক্তাক বিপথে পৰিচালিত কৰিব পৰাকৈ কোনো বিজ্ঞাপন দিব নোৱাৰে।