বিধেয়কৰ বিৰোধিতাত দল-সংগঠনৰ ব্যস্ততাৰ সুযোগ লৈ সোৱণশিৰি নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ষড়যন্ত্ৰ কেন্দ্ৰৰ

Loksabha election: Is big dam issue disappeared from Assam politics?

নামনি সোৱণশিৰি বান্ধ। ফাইল ফটো।

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ৰ বিৰোধিতা জনাই প্ৰতিবাদী কাৰ্যসূচীত ব্যস্ত ৰাজ্যৰ সকলো দল-সংগঠন। ইয়াৰ সুযোগ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে স্থবিৰ হৈ থকা নামনি সোৱণশিৰি নদীবান্ধৰ কাম আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে।

নামনি সোৱণশিৰি নদীবান্ধটো নিৰ্মাণৰ ক্ষেত্ৰত থকা আইনী বাধা আঁতৰাই পুনৰ নিৰ্মাণৰ বাবে আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰ।

কেন্দ্ৰীয় চৰকাৰে গঠন কৰা বিশেষজ্ঞ কমিটীয়ে অচিৰেই নদীবান্ধটো অধ্যয়ন কৰি দাখিল কৰা প্ৰতিবেদনৰ পিছতে প্ৰতিবেদনৰ আধাৰত এন এইচ পি চিয়ে নিৰ্মাণকাৰ্য আৰম্ভ কৰিব।

মন কৰিব লগীয়া যে বিশেষজ্ঞ কমিটিখনে বান্ধটোৰ পৰা ভৱিষ্যতে নামনি অংশত ক্ষয়-ক্ষতি হ’ব নে নহয় সেই সন্দৰ্ভত অধ্যয়ন কৰিব যদিও অসমৰ দল-সংগঠনৰ বিশেষজ্ঞ কমিটিৰ ওপৰত আশংকা বৃদ্ধি পাইছে। যিহেতু কেন্দ্ৰীয় চৰকাৰে নিজৰ সুবিধা অনুযায়ী বিশেষজ্ঞ কমিটি গঠন কৰিছে।

উল্লেখযোগ্য যে পূৰ্বতে আছাম পাব্লিক ৱৰ্কছ আৰু প্ৰাক্তন ছাত্ৰ নেতা তুলাৰাম গগৈয়ে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত বিশেষজ্ঞ কমিটিৰ সদস্যসকলৰ অৰ্হতাক লৈ ন্যায়াধিকৰণত গোচক তৰিছিল। কিন্তু সেউজ ন্যায়াধিকৰণে এই গোচৰ খাৰিজ কৰে।

ফলত কেন্দ্ৰীয় চৰকাৰে পুনৰ নদীবান্ধটোৰ নিৰ্মাণৰ কাম আগবঢ়াই নিয়াৰ বাবে তৎপৰ হৈ পৰিছে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ এই ষড়যন্ত্ৰত বাধা দিয়াৰ লক্ষ্যৰে আছাম পাব্লিক ৱৰ্কছে উচ্চতম ন্যায়ালয়ত গোচৰ তৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।