ব্ৰহ্মপুত্ৰ খনন, এক্সপ্ৰেছ হাইৱেৰ নিৰ্মাণ আছিল বিজেপিৰ এটা বৃহৎ ফাঁকি! : কেন্দ্ৰীয় মন্ত্ৰীৰ উত্তৰত ওলাল গোমৰ ফাঁক

কোন সঁচা কোন মিছা? সোণোৱালৰ দাবীৰ বিপৰীতে কেন্দ্ৰীয় মন্ত্ৰীৰ অন্য উত্তৰ

index.jpgkk

ব্ৰহ্মপুত্ৰ খনন হ’ব তথা দুয়োপাৰে নিৰ্মাণ হ’ব এক্সপ্ৰেছ হাইৱে। ভাবিলেই ভাললগা দুটাকৈ বিষয়। কিন্তু সেয়া যেন আছিল বিজেপি চৰকাৰৰ এক বৃহৎ ফাঁকি।

ব্ৰহ্মপুত্ৰ খনন তথা এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিম বুলি শাসনৰ গাদী দখলৰ পূৰ্বে তথা পাছতো বহুবাৰ প্ৰতিশ্ৰুতি দিছিল ৰাজ্য আৰু কেন্দ্ৰৰ শাসনাধীন বিজেপি চৰকাৰে।

কিন্তু কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ ৰাজ্যসভাত দিয়া উত্তৰত ওলাল ইয়াৰ গোমৰ ফাঁক।

ৰাজ্যসভাৰ সাংসদ অজিত ভুঞাৰ দুটা প্ৰশ্ন ক্ৰমে ব্ৰহ্মপুত্ৰ খনৰৰ বাবে তথা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে কি প্ৰস্তাৱ লৈছিল কেন্দ্ৰীয় চৰকাৰে।

তাৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাদকাৰীয়ে কয় ‘জাহাজ চলাচল কৰিবৰ বাবে ব্ৰহ্মপুত্ৰৰ নিয়মীয়া চাফাই কাম হৈ থাকে। কিন্তু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে হাইৱে নিৰ্মাণৰ কোনোধৰণৰ প্ৰস্তাৱেই তেওঁলোকে এতিয়ালৈকে লোৱা নাই।‘

এইখন চৰকাৰ ভুৱা প্ৰচাৰ বা প্ৰতিশ্ৰুতিৰ ওপৰত চলি আহিছে বুলি অজিত ভুঞাই কটাক্ষ কৰে।

উল্লেখযোগ্য যে, ২০১৭ চনৰ ২৩ জানুৱাৰীত সৰ্বানন্দ সোণোৱালে এই দুটা ঘোষণা কৰিছিল। তেতিয়াই গৱেষকসকলে এইক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছিল যে এয়া কেনেদৰে সম্ভৱ হৈ উঠিব? তাৰ পাছতো চৰকাৰে বাৰম্বাৰ এয়া সম্ভৱ হৈ উঠিব বুলি ঘোষণা কৰিছিল।

ইপিনে, এই গোমৰ ফাঁক ওলাই পৰাৰ পাছতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত একপ্ৰকাৰ দায়সাৰ মন্তব্য কৰে।

তেওঁ কয় ‘নমামি ব্ৰহ্মপুত্ৰৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজে এক্সপ্ৰেছ হাইৱেৰ কথা ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত জলসম্পদ বিভাগৰ তৰফৰ পৰা ১৬ টা এক্সপাৰ্ট টীম লৈ চাৰ্ভে কৰি সেই সমীক্ষা কেন্দ্ৰীয় চৰকাৰৰ হাতত জমা দিলো বুলি সকলোৱে জানে।‘

আগন্তুক সময়ত ব্ৰহ্মপুত্ৰ খনন কৰাৰ পৰিকল্পনা আছে বুলি তেওঁ সদৰী কৰি লগতে কয় যে ইতিমধ্যে বৰাক নদী খননৰ জৰিয়তে তিনিখন দাঁতিকাষৰীয়া জিলাৰ বান-গৰাখহনীয়াৰ কবলৰ পৰা উদ্ধাৰ কৰা হৈছে।

ইপিনে, ব্ৰহ্মপুত্ৰ খনন বা এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কোনোধৰণৰ প্ৰস্তাৱ এতিয়ালৈকে লোৱা নাই বুলি গাডকাৰীয়ে দিয়া উত্তৰত ওলাই পৰিছে প্ৰকৃত ‘গোমৰ ফাঁক’।