ক’ৰ’না ভাইৰাছ আতংক; চীনৰ সৈতে বিমান সেৱা বন্ধ কৰিলে ভাৰতে

coronavirus

ক'ৰ'না ভাইৰাছৰ আতংকত চীন এৰা বিমান যাত্ৰী

ক’ৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে চীনৰ পৰা আহিবলগীয়া সকলো ধৰণৰ বিমানৰ সেৱা বাতিল কৰাৰ লগতে ভিছা বাতিল কৰিছে।

চীনৰ য়ুহান প্ৰদেশত ক’ৰ’না ভাইৰাছে সংহাৰ ৰূপ ধাৰণ কৰাৰ পাছতে চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

মঙলবাৰে ৰাতিপুৱালৈ চীনত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ৪২৫ গৰাকী লোকৰ মৃত্যু হৈছে আৰু ২০,০০০ৰো অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

চীনৰ পৰা উভতি অহা কেৰালাৰ তিনিগৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ভাৰতৰ সকলো বিমানক চীনৰ কোনোধৰণৰ যাত্ৰীক বিমান যাত্ৰা নকৰাবলৈ নিৰ্দেশ দিয়া হৈছে বুলি গৃহ মন্ত্ৰ্যালয়ে নিৰ্দেশ দিছে.

চীনত থকা ভাৰতৰ ৰাষ্ট্ৰদূতে ৰেগুলাৰ আৰু ই-ভিছাকে ধৰি সকলো ধৰণৰ ভিছা বৈধ নহ’ব বুলিও ঘোষণা কৰিছে।

উল্লেখযোগ্য যে, চীনত ক’ৰ’না ভাইৰাছে অধিক ভয়াবহ ৰূপ ধাৰণ কৰাৰ লগতে মালেছিয়া, হংক আদিতো এই ভাইৰাছৰ প্ৰভাৱ পৰিছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত ভাৰতকো স্পৰ্শকাতৰ দেশ হিচাপে ঘোষণা কৰা হৈছে।