পুনেত আগোমণি প্ৰৱাসী সংঘৰ উদ্যোগত আয়োজিত দুৰ্গোৎসৱৰ সফল সামৰণি

6b674318-22a5-4adb-ad3d-94cfd4255b5d

ফটো : নৰ্থ-ইষ্ট নাও

যোৱা ১৪ অক্টোবৰৰ পৰা ১৯ অক্টোবৰলৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত যথেষ্ট উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰা হয় শাৰদীয় দুৰ্গা পূজা। ঠিক সেইদৰে বিভিন্ন কাৰ্যসূচীৰে পুনেস্থিত আগোমণি প্ৰৱাসী সংঘইও ব্যাপক ৰূপত পালন কৰে দুৰ্গোৎসৱ।

প্ৰতি বছৰৰ দৰে এইবছৰো আগোমণি প্ৰৱাসী সংঘৰ উদ্যোগত পুনেৰ বেনাৰ ৰোডস্থিত বৃন্দাবন লন্সত চেণ্ট্ৰেল পুনে সাৰ্বজনীন দুৰ্গোৎসৱখনি ছয়দিনীয়া কাৰ্যসূচীৰে মাজেৰে অতি সফলতাৰে উদযাপন কৰা হয়।

দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি খাদ্য মেলাৰ লগতে বিভিন্ন সাংস্কৃতিক অনু্ষ্ঠানৰ আয়োজন কৰা হয়। সাংস্কৃতিক অনুষ্ঠানত কলকাতাৰ লগতে অসমৰ শিল্পীসকলে নৃত্য-গীত পৰিৱেশন কৰে।

আনহাতে ১৮ অক্টোবৰ অৰ্থ্যৎ মহানৱমীৰ নিশা অসমৰ সংগীত জগতৰ আগশাৰীৰ শিল্পী মানস ৰবিনক সংগীতানুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰন জনোৱা হৈছিল। অনুষ্ঠানত উপস্থিত থাকি শিল্পীগৰাকীয়ে আয়োজকৰ লগতে উপস্থিত দৰ্শকৰ মন জিনিবলৈ সক্ষম হয়।

পুনেস্থিত আগোমণি প্ৰৱাসী সংঘই আয়োজন কৰা চেণ্ট্ৰেল পুনে সাৰ্বজনীন দুৰ্গোৎসৱখনি অতি সফলতাৰে সম্পন্ন হোৱা বুলি আয়োজকে জানিবলৈ দিয়ে।

উল্লেখ্য যে দুৰ্গা পূজাৰ উপৰি পুনেৰ এই সংঘটোৰ উদ্যোগত অসমৰ জাতীয় উৎসৱ বিহুৰ লগতে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে।