• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

A for Assam কোৱা প্ৰধানমন্ত্ৰী নাহিল! আনুষ্ঠানিকতা ৰক্ষা কৰি বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে আহিল কেন্দ্ৰৰ দল

উজনি অসমৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে কিয় নাযায় কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দল?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 1, 2022 4:06 pm
138
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলাবলৈ দুই তিনিবাৰকৈ অসমলৈ ঢাপলি মেলিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী।
এ ফৰ আছাম বুলিও ভাষণৰ মাজত কোৱা প্ৰধানমন্ত্ৰীয়ে অসমক অষ্ট লক্ষ্মীৰে তুলনা কৰিছিল।

কিন্তু এতিয়া বলিয়া বানে ধুই নিছে ৰাজ্যৰ ২৫ খনকৈ জিলাৰ বিভিন্ন প্ৰান্ত। বানত ককবকাই আছে ২৬০৮ খন গাঁওৰ ২৯,৮০,৪৯৩ গৰাকী লোক। বৰ্তমানলৈকে ১৪১ গৰাকী লোকে বানৰ ফলত মৃত্যুক আঁকোৱালি লৈছে।

কিন্তু বানৰ এই বিভীষিকাৰ সময়ত এ ফৰ আসাম কোৱা প্ৰধান মন্ত্ৰীয়ে বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে অসমলৈ আহিবলৈ বৰ্তমানলৈকে আহৰি নাপালে। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ফোন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহেহে খবৰ লোৱা দেখিবলৈ পোৱা গ’ ল।

অৱশ্যে আনুষ্ঠানিকতা ৰক্ষা কৰি কেন্দ্ৰৰ পৰা এটা দল কালি নিশা গুৱাহাটীত উপস্থিত হৈ আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে ৰাওনা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি দলটোৱে দুটা ভাগত বিভক্ত হৈ অহা ৩ জুলাইলৈকে পৰ্য্যবেক্ষণ কৰিব।
ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা প্ৰেৰণ কৰা এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জনাইছে।

NCRMP ৰ যুটীয়া সচিব হৰ্ষ গুপ্তাৰ নেতৃত্বত প্ৰথম দলটোৱে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিব।

কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ উপ সঞ্চালক মহেশ ঠাকুৰৰ নেতৃত্বৰ দ্বিতীয় দলটোৱে ১ আৰু ২ জুলাইৰ দিনা নলবাৰী, বজালী, বৰপেটা, কামৰূপ আৰু মৰিগাঁও জিলাত বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিব।

তাত্পৰ্য্যপূৰ্ণভাৱে, উজনি অসমতো বান পৰিস্থিতিয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। কিন্তু পৰ্য্যবেক্ষণৰ বাবে দুটাকৈ দল অসমলৈ আহিলেও বিজ্ঞপ্তিত উজনি অসমৰ এখনো জিলাৰ নাম উল্লেখ নকৰিলে দুৰ্যোগ প্ৰশমন বিভাগটোৱে।

অহা ৩ জুলাইৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ দলটো দিল্লীলৈ উভতি যাব।

এইখিনিতে উল্লেখ কৰিব লাগিব যে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৰাক উপত্যকাৰ শিলচৰত এতিয়ালৈকে তৃতীয়বাৰলৈ উপস্থিত হৈ বান পৰিস্থিতি পৰ্য্যবেক্ষণ কৰিলে তথা নামনি অসমৰো বিভিন্ন জিলাত বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে গ’ ল।

কিন্তু আজি পৰ্য্যন্ত উজনি অসমৰ বান পৰিস্থিতি পৰ্য্যবেক্ষণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীৰো সময় নহ’ল।

Recent News

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

১৯ মে’ত ভাৰত-পাকিস্তানৰ পৰিস্থিতিৰ বিষয়ে সংসদত সম্বোধন কৰিব বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ইখনৰ পিছত সিখন গাঁৱৰ পৰা আহিছে মৃত্যুৰ খবৰ; বিষাক্ত সুৰা পান কৰি কমেও ১৪ জন লোকৰ মৃত্যু

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

ৰামচৰিতমানসৰ উদ্ধৃতিৰে এয়াৰ মাৰ্শ্বাল এ.কে. ভাৰতীৰ শক্তিশালী বাৰ্তা!

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

চেনি খায়? কিমান বেছি খালে বলি হ’ব পাৰে ঘাতক বেমাৰৰ? কি কয় বিশ্ব স্বাস্থ্য সংস্থাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd