NORTHEAST NOW (Assamese)

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: July 22, 2026 10:30 am

উজনি অসমৰ বানপানীৰ সময়ত মানুহৰ যোগাযোগ ব্যৱস্থা যাতে বিচ্ছিন্ন হৈ নাযায়, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। দূৰসংযোগ বিভাগৰ ফালৰ পৰা উজনিৰ তিনিখন জিলা ক্ৰমে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত ইণ্ট্ৰা-চাৰ্কল ৰোমিং চমুকৈ আই চি আৰ সেৱা জৰুৰীকালীনভাৱে মুকলি কৰা হৈছে। এই অস্থায়ী ব্যৱস্থা ২০২৬ চনৰ ২৪ জুলাইলৈকে বাহাল থাকিব। বানপানীৰ ফলত মবাইল নেটৱৰ্কৰ সমস্যা হলেও ৰাইজে যাতে ইজনে সিজনৰ লগত সংযোগ ৰাখিব পাৰে, তাৰ বাবেই এই বিশেষ ব্যৱস্থা কৰা হৈছে।

এই বিশেষ ৰোমিং ব্যৱস্থাৰ জৰিয়তে গ্ৰাহকসকলে নিজৰ মবাইল নেটৱৰ্ক নাথাকিলেও সেই স্থানত উপলব্ধ আন যিকোনো টেলিকম কোম্পানীৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব। বানপানীয়ে মবাইল টাৱাৰ বা নেটৱৰ্কৰ আন্তঃগাঁথনি ধ্বংস কৰা ঠাইবোৰত যোগাযোগৰ সমস্যা যিমান পাৰি সিমান হ্ৰাস কৰাই হৈছে এই ব্যৱস্থাৰ মূল উদ্দেশ্য।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই বানপীড়িত জিলাসমূহৰ ৰাইজক জৰুৰীকালীন যোগাযোগৰ বাবে এই সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দুৰ্যোগৰ সময়ত উদ্ধাৰ অভিযান চলোৱা, সাহায্য প্ৰদান কৰা আৰু জনসাধাৰণক নিৰাপত্তাৰ খবৰ দিয়াৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ অতি প্ৰয়োজনীয় বুলি কৰ্তৃপক্ষই উল্লেখ কৰিছে।

ইয়াৰ লগতে দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই ৰাইজৰ সহায়ৰ বাবে কেইটামান জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰিছে। ৰাইজে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ ০৩৬১-২২৩৭২১৯ বা ০৯৪০১০৪৪৬১৭ নম্বৰত যোগাযোগ কৰিব পাৰে। ইয়াৰ উপৰিও ১০৭০, ১০৭৯ আৰু ১১২ টোল-ফ্ৰী নম্বৰসমূহো মুকলি ৰখা হৈছে। জিলা নিয়ন্ত্ৰণ কক্ষৰ পৰা সাহায্য পাবলৈ ১০৭৭ বা ১১২ নম্বৰতো ফোন কৰিব পাৰিব। এই জৰুৰীকালীন ৰোমিং সেৱাই উজনি অসমৰ তিনিখন জিলাৰ হেজাৰ হেজাৰ বানপীড়িত লোকৰ যোগাযোগৰ সমস্যা বহু পৰিমাণে দূৰ কৰিব বুলি বিষয়াসকলে আশা প্ৰকাশ কৰিছে। ইয়াৰ ফলত ৰাইজ, উদ্ধাৰকাৰী দল আৰু সাহায্য প্ৰদানকাৰী সংস্থাসমূহৰ মাজত সমন্বয় ৰক্ষা কৰাত যথেষ্ট সুবিধা হব।

Related News