অসমৰ বাবে ভাল খবৰ : গুৱাহাটীত প্ৰতিষ্ঠা হ’ব IIM, অনুমোদন জনালে কেন্দ্ৰই

অসমৰ শৈক্ষিক ক্ষেত্ৰখনত সংযোগ হ’ব আন এক সংযোজন। গুৱাহাটীত প্ৰতিষ্ঠা কৰা হ’ব ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান, চমুকৈ আই আই এম (IIM)।

২০২৩ চনত অসম চৰকাৰে কৰা আবেদনৰ প্ৰতি সহাৰি জনাই কেন্দ্ৰীয় চৰকাৰে অসমত এখন  IIM নিৰ্মাণৰ বাবে অনুমোদন জনাইছে।

আজি এই সম্পৰ্কে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই এক্সত লিখিছে, “২০২৩ চনত আমাৰ অনুৰোধৰ পাছত দেশৰ যশস্বী মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ সমীপত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট (IIM) এটাক অনুমোদন জনাই অসমৰ জনসাধাৰণক উপহাৰ দিছে। আই আই টি, এইমছ, নেশ্বনেল ল’ স্কুল আৰু এতিয়া আই আই এম থকা কেইখনমান চহৰৰ ভিতৰত এতিয়া গুৱাহাটীয়েও স্থান পাব।”

লগতে মুখ্যমন্ত্ৰীয়ে লিখিছে, “যোৱা ১৮ মাহত আমি মাননীয় কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰীধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আৰু শিক্ষা মন্ত্ৰ্যালয়ৰ ওচৰত এক সবল আৰ্জি উপস্থাপন কৰিছিলোঁ। অসমে এই প্ৰচেষ্টাৰ বাবে ভূমি আবণ্টন আৰু লজিষ্টিক সমৰ্থন আগবঢ়াইছিল। এতিয়া আই আই এম আহমেদাবাদে গুৱাহাটীত হ’বলগীয়া আই আই এমক পৰামৰ্শ প্ৰদান কৰিব। ”

জানিব পৰা মতে পলাশবাৰী অঞ্চলত ৫৭৪ বিঘাৰ এটা প্লটত স্থাপন কৰা হ’ব আই আই এম, গুৱাহাটী।

আই আই এম আহমেদাবাদৰ মূৰব্বী, অসমৰ উচ্চ শিক্ষা বিভাগ আৰু অসম চৰকাৰৰ আলোচনাৰ পিছত বিশদ প্ৰকল্প প্ৰতিবেদন (ডি পি আৰ) প্ৰস্তুত কৰি শিক্ষানুষ্ঠানটিৰ কাম আৰম্ভ কৰা হ’ব বুলি জানিব পৰা গৈছে।