NORTHEAST NOW (Assamese)

কাছাৰ-নগাঁও কাগজ কল পুনৰুজ্জীৱিত হ’ব : কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্ত

June 19, 2019 6:01 pm · এন ই নাও নিউজ

কাছাৰ আৰু নগাঁও কাগজ কলৰ কৰ্মচাৰীৰৰ বাবে সুখবৰ। কিয়নো অচিৰেই পুনৰুজ্জীৱিত কৰা হ’ব নগাঁও আৰু কাছাৰ কাগজ কল। এই প্ৰতিশ্ৰুতি প্ৰদান কৰে কেন্দ্ৰীয় চৰকাৰে।

আজি অসমৰ পৰা যোৱা এটা প্ৰতিনিধি দলক ৰাজহুৱা খণ্ড আৰু উদ্যোগ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তে কাছাৰ আৰু নগাঁও কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ আশ্বাস প্ৰদান কৰে।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পীযুষ হাজৰিকাসহ ৮ জনীয়া এটা সঁজাতি দলে কাছাৰ আৰু নগাঁও কাগজ কল পুনৰুজ্জীৱিত কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্তৰ সৈতে আলোচনাত মিলিত হৈছিল।

লগতে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ উমৈহতীয়া ব্যৱস্থাৰ আৰ্হিত কাছাৰ আৰু নগাঁও কাগজ কলক গঢ় দিবলৈ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ এক স্মাৰকপত্ৰও অসমৰ প্ৰতিনিধিৰ দলটোৱে প্ৰেৰণ কৰিছিল।

উল্লেখযোগ্য যে হিন্দুস্তান পেপাৰ কৰ্পোৰেচনৰ অধীনত ১৯৭৮ চনত স্থাপন হৈছিল কাছাৰ আৰু নগাঁও কাগজ কল।

Related News