NORTHEAST NOW (Assamese)

YouTube Channel Banned: ভাৰত বিৰোধী প্ৰচাৰ! পাকিস্তানৰ এটাকে ধৰি আঠটা ইউটিউব চেনেল নিষিদ্ধ কৰিলে কেন্দ্ৰই

August 18, 2022 6:02 pm · এন ই নাও নিউজ, নতুন দিল্লী

Centre bans 8 YouTube channels কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰে ‘ভাৰত বিৰোধী প্ৰচাৰ’ চলোৱাৰ বাবে আৰু আঠটা ইউটিউব চেনেলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বৃহস্পতিবাৰে কয় যে ৰাষ্ট্ৰীয় সুৰক্ষা, বৈদেশিক সম্পৰ্ক আৰু দেশৰ আইন-শৃংখলা পৰিস্থিতিৰ বিষয়ে মিছা আৰু অসত্য তথ্য প্ৰচাৰ কৰাৰ বাবে আঠটা ইউটিউব চেনেল নিষিদ্ধ কৰা হৈছে।

নিষিদ্ধ চেনেলবোৰৰ এটা পাকিস্তানৰ। বাকীবোৰ ভাৰতৰ। আঠটা চেনেলৰ সম্মিলিত দৰ্শকৰ সংখ্যা প্ৰায় ১১৪ কোটি।

লগতে পঢ়ক: সন্ত্ৰাসবাদী কূটাঘাতৰ যো-জা! মহাৰাষ্ট্ৰৰ উপকূলত উদ্ধাৰ মাৰণাস্ত্ৰ ভৰ্তি নাও

বৃহস্পতিবাৰে কেন্দ্ৰই জানিবলৈ দিয়ে যে “ভাৰত বিৰোধী প্ৰচাৰ”ৰ বাবে দুটা ফেচবুক পোষ্ট আৰু এটা ফেচবুক একাউণ্টো ব্লক কৰা হৈছে।

বৃহস্পতিবাৰে জাৰি কৰা এক বিবৃতিত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে কয়, “সংশোধিত তথ্য প্ৰযুক্তি আইন, ২০২১ অনুসৰি এই পদক্ষেপ লোৱা হৈছে।‘’

আঠটা নিষিদ্ধ ইউটিউব চেনেলৰ এখন তালিকা প্ৰকাশ কৰি কেন্দ্ৰই দাবী কৰে যে অপপ্ৰচাৰ চলোৱাৰ উপৰিও কিছুমান নিষিদ্ধ ইউটিউব চেনেলৰ বিৰুদ্ধে জনপ্ৰিয় টিভি চেনেলসমূহৰ ‘লোগো’ নকল কৰি মিছা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগৰো প্ৰমাণ পোৱা গৈছে।

লগতে পঢ়ক: বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰী! শেহতীয়া মন্তব্যই কাল হ’ল নেকি গাডকাৰীৰ বাবে?

উল্লেখ্য যে কেন্দ্ৰই যোৱা বছৰ ডিচেম্বৰৰ পৰা ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ১০০ তকৈও অধিক ইউটিউব চেনেল নিষিদ্ধ কৰিছে। 

Related News