• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰী! শেহতীয়া মন্তব্যই কাল হ’ল নেকি গাডকাৰীৰ বাবে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 18, 2022 11:22 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে শেহতীয়াকৈ পুনৰ গঠন কৰা দলটোৰ কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা কিয় বাদ পৰিল নীতিন গাডকাৰীৰ দৰে জ্যেষ্ঠ নেতা বাদ পৰাৰ কথাই এতিয়া বিভিন্ন জনৰ মাজত বেছ চৰ্চাৰ বিষয় হৈ পৰিছে৷ আৰএছএছৰ ঘনিষ্ঠ হিচাবে পৰিচিত নীতিন গাডকাৰীয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি বাচনিৰ ক্ষেত্ৰতো বিশেষ ভূমিকা গ্ৰহণ কৰিছিল৷

ইমানৰ পিছতো তেওঁক কিয় সমিতি খনৰ পৰা বাদ দিয়া হ’ল সেয়া এক ৰসহ্যৰ বিষয় হৈ পৰিছে৷ বহুতে এইবুলি কৈছে যে নীতিন গাডকাৰীয়ে শেহতীয়াকৈ সাম্প্ৰতিক ৰাজনীতিয়ে তেওঁক আমুৱাইছে বুলি কৰা মন্তব্যৰ বাবেও হয়তো বিজেপিৰ শীৰ্ষ নেতৃত্ব তেওঁৰ ওপৰত খৰ্ড়হস্ত হ’ব পাৰে৷ গাডকাৰীয়ে তেওঁৰ মন্তব্যৰ জৰিয়তে সাম্প্ৰতিক নীতিহীন ৰাজনীতিক উদঙাই দিয়া বুলি বহুতে আলোচনা কৰিছে৷ আন কিছুসংখ্যকে আকৌ ক’ব বিচাৰিছে যে বিজেপিত অমিত শ্বাহে মোদীৰ পিছতে দ্বিতীয় শক্তিশালী নেতা হৈ থাকিব বিচাৰে৷ সেয়ে গাডকাৰীৰ দৰে নেতাক নীতি নিৰ্ধাৰক সমিতিত ৰাখিলে অসুবিধা হ’ব বুলি ভাবিয়েই তেওঁক আঁতৰোৱা হৈছে৷

Apply Now

উল্লেখ্য কালি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ নেতৃত্বত গঠিত কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তিকৰণৰ সমান্তৰালভাৱে বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিতো অন্তৰ্ভুক্ত কৰা হৈছে সৰ্বানন্দ সোণোৱালৰ নাম ।

বিজেপিয়ে প্ৰকাশ কৰা কেন্দ্ৰীয় সংসদীয় বোৰ্ডৰ পৰা বাদ পৰিছে কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান।বোৰ্ডত বি এছ য়েডিয়ুৰাপ্পা আৰু ইকবাল সিং লালপুৰাকে ধৰি ছয় গৰাকী নেতাক স্থান দিয়া হৈছে । ৱা বিজেপিৰ নৱগঠিত কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ তালিকাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কে লক্ষ্মণ, সুধা সাদৱ আৰু সত্যনাৰায়ণ জাতীয়াক অন্তৰ্ভুক্ত কৰা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী , কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু বিজেপি সভাপতি জে পি নাড্ডাও এই সমিতি খনত আছে ।

বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতি খনত মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিশ, কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ, ওম মাথুৰ আৰু বিজেপিৰ মহিলা শাখাৰ মুৰব্বী ভানাথি শ্ৰীনিবাসনক স্থান দিয়া হৈছে।ইপিনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্বাহনৱাজ হুছেইন আৰু জুৱেল ওৰামক কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ পৰা বাদ দিয়া হৈছে ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm
১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

১২ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছতেই কেবিনেট বৈঠকৰ আহ্বান মুখ্যমন্ত্ৰীৰ

June 5, 2026 7:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd