NORTHEAST NOW (Assamese)

সন্ত্ৰাসবাদীৰে সম্পৰ্কৰ অভিযোগ: পাঁচবছৰলৈ নিষিদ্ধ ঘোষিত হ’ল ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া

September 28, 2022 10:09 am · এন ই নাও নিউজ, গুৱাহাটী

অৱশেষত শেহতীয়া ঘটনাক্ৰম তথা চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই আজি কেন্দ্ৰীয় চৰকাৰে ইছলামিক সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (PFI)- ক পাঁচ বছৰৰ বাবে দেশত নিষিদ্ধ ঘোষণা কৰিছে। সমগ্ৰ দেশজুৰি যোৱা কিছুদিন ধৰি সংগঠনটোৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাসমূহে চলাই থকা অভিযানৰ পিছত আজি কেন্দ্ৰীয় চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

আজি জাৰি কৰা এক চৰকাৰী জাননীত উল্লেখ কৰা হৈছে যে বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (UAPA)ৰ অধীনত তাৎক্ষণিক ভাৱে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংগঠনসমূহক বেআইনী ঘোষণা কৰা হৈছে।

বিবৃতিটোত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াই ষ্টুডেণ্টছ ইছলামিক মুভমেণ্ট অৱ ইণ্ডিয়া (চিমি), জামাত-উল-মুজাহিদীন বাংলাদেশ আৰু ইছলামিক ষ্টেট অৱ ইৰাক এণ্ড চিৰিয়া (আইছিছ)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহা বুলি উল্লেখ কৰা হৈছে আৰু কেইবাটাও অপৰাধমূলক আৰু সন্ত্ৰাসবাদী গোচৰত সংগঠনটো জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে বুলি দাবী কৰিছে।

গৃহ মন্ত্ৰালয়ে জাৰি কৰা জাননীখনত লগতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া আৰু ইয়াৰ সহযোগী সংগঠনসমূহে বেআইনী কাৰ্যকলাপত লিপ্ত হৈ দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ উপৰিও শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিঘ্নিত কৰাৰ সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰে।

সংগঠনটোৱে সমাজৰ এটা নিৰ্দিষ্ট অংশক মৌলবাদী হিচাপে গঢ়ি তোলাৰ বাবে এক গোপন কাৰ্যসূচী পৰিচালনা কৰি আহিছে আৰু দেশৰ সাংবিধানিক কৰ্তৃত্বৰ প্ৰতি সংগঠনটোৱে সম্পূৰ্ণ অসন্মান প্ৰদৰ্শন কৰে বুলিও বিবৃতিটোত দাবী কৰা হৈছে।

বাহিৰৰ পৰা পুঁজি লাভ কৰাৰ লগতে কট্টৰ আদৰ্শগত সমৰ্থনৰ দ্বাৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে এক ডাঙৰ ভাবুকি হৈ পৰিছে বুলি জাননীখনত গৃহ মন্ত্ৰালয়ে স্পষ্টকৈ উল্লেখ কৰিছে।

উল্লেখ্য যে সন্ত্ৰাসবাদীৰ পুঁজিৰ সৈতে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সম্পৰ্ক থকাৰ অভিযোগ তুলি নিয়াই দেশজুৰি সংগঠনটোৰ কাৰ্যালয় তথা কৰ্মীৰ বাসগৃহত অভিযান চলাই বহু বিস্ফোৰক তথ্য উদ্ধাৰ কৰা বুলি দাবী কৰিছিল।

এই অভিযানৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ তিনি শতাধিক সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে। ২২ ছেপ্টেম্বৰ আৰু ২৭ ছেপ্টেম্বৰত নিয়া, এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেট আৰু ৰাজ্যিক আৰক্ষীয়ে সংগঠনটোৰ বিৰুদ্ধে দেশজুৰি অভিযান চলায়।

প্ৰথম পৰ্যায়ৰ অভিযানত সংগঠনটোৰ ১০৬ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দ্বিতীয় পৰ্যায়ৰ অভিযানত ২৪৭ গৰাকী সদস্যক গ্ৰেপ্তাৰ কৰা হয়। অনুসন্ধানকাৰী সংস্থাসমূহে সংগঠনটোৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ লাভ কৰা বুলি দাবী কৰে আৰু ইয়াৰ ভিত্তিত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াক নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱা হয়।

ইয়াৰ উপৰিও পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সহযোগী সংগঠন ৰিহাব ইণ্ডিয়া ফাউণ্ডেচন, কেম্পাছ ফ্ৰণ্ট অফ ইণ্ডিয়া, অল ইণ্ডিয়া ইমামছ কাউন্সিল, নেচনেল কনফেডাৰেচন অৱ হিউমেন ৰাইটছ অৰ্গেনাইজেচন, নেচনেল অ’মেন ফ্ৰণ্ট, জুনিয়ৰ ফ্ৰণ্ট, এমপাৱাৰ ইণ্ডিয়া ফাউণ্ডেচন আৰু ৰিহেব ফাউণ্ডেচন, কেৰালাকো কেন্দ্ৰই নিষিদ্ধ ঘোষণা কৰিছে।

উল্লেখ্য যে ২২ ছেপ্টেম্বৰত নিয়া আৰু এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটে ১৫ খন ৰাজ্যৰ প্ৰায় ৯৩ টা স্থানত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে তালাচী চলাইছিল। এই ৰাজ্যকেইখন আছিল ক্ৰমে কেৰালা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উত্তৰ প্ৰদেশ, ৰাজস্থান, দিল্লী, অসম, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গোৱা, পশ্চিম বংগ, বিহাৰ আৰু মণিপুৰ।

নিয়াসহ তদন্তকাৰী সংস্থাসমূহে দেশত সন্ত্ৰাসবাদী কাৰ্যকলাপক সমৰ্থন কৰাৰ অভিযোগত ‘অপাৰেচন অক্টোপাছ’ৰ অধীনত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ সদস্যসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছিল।

এই অভিযান পাছতে সংগঠনটোৰ কৰ্মীসকলে প্ৰতিবাদত নামি পৰিছিল। এই প্ৰতিবাদে বহু ঠাইত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিছিল। বিশেষকৈ কেৰালাত অত্যন্ত উগ্ৰ ৰূপ ধাৰণ কৰিছিল প্ৰতিবাদে। তাৰ মাজতে কালি পুনৰ তদন্তকাৰী সংস্থা আৰু আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছিল।

Related News