দেশৰ ৭ খন ৰাজ্যৰ ১৬খন জিলাত বিদেশী হিন্দুক নাগৰিকত্ব : ভিন্ন মহলৰ প্ৰতিক্ৰিয়া

‘কেন্দ্ৰীয় চৰকাৰে চলে-বলে কৌশলে হিন্দু বাংলাদেশীক সংস্থাপনৰ উপায় উলিয়াই লৈছে’ : দীপাংক নাথ

feccb37c-9c94-4201-b4a3-1030a79ad54c

প্ৰতিনিধিত্বমূলক ফটো

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দেশৰ ৭ খন ৰাজ্যৰ ১৬ খন জিলাৰ উপায়ুক্তলৈ এক অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি বাংলাদেশ, আফগানিস্তান, পাকিস্তান অথবা অন্যান্য চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ধৰ্মীয় নিৰ্য্যাতনৰ বলি হৈ ভাৰতলৈ অহা হিন্দু, শিখ, বৌদ্ধ, জৈন, পাৰ্ছি, খ্ৰীষ্টান লোকসকলক নাগৰিকত্ব প্ৰদানৰ কৰ্তৃত্ব প্ৰদান কৰিছে। ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰৰ চলে বলে কৌশলে হিন্দু বাংলাদেশীসকলক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰক্ৰিয়াটো ইতিমধ্যেই আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে, অসমৰ বিভিন্ন জাতীয় দল-সংগঠনে এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ-আন্দোলন সাব্যস্ত কৰাৰ বাবে অসমক নিৰ্বাচিত নকৰিলে যদিও এই প্ৰক্ৰিয়াৰ জৰিয়তে অসমৰ কোনো লাভ নহ’ব, বৰঞ্চ ক্ষতি হ’ব বুলি সচেতন মহলে আশংকা প্ৰকাশ কৰিছে।

আনহাতে, অহা ২২ ডিচেম্বৰৰ পৰা এই অধিসূচনা কাৰ্য্যকৰী কৰিবলৈ কেন্দ্রীয় চৰকাৰে ১৬ খন জিলা ক্ৰমে ছট্টিশগড়ৰ ৰায়পুৰ, গুজৰাটৰ আহমেদাবাদ, কচছ, মধ্য প্রদেশৰ ভূপাল, ইন্দোৰ, মহাৰাষ্ট্রৰ নাগপুৰ, মুম্বাই, পুনে, থানে, ৰাজস্থানৰ যোধপুৰ, জইচালমেৰ, জয়পুৰ, উত্তৰ প্রদেশৰ লক্ষ্নৌ, দিল্লীৰ পশ্চিম দিল্লী আৰু দক্ষিণ দিল্লী জিলাৰ উপায়ুক্তক এই বিশেষ অধিকাৰ প্রদান কৰিছে।

এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনৰ নেতৃত্বই আমাৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিশিষ্ট বুদ্ধিজীৱি হীৰেন গোঁহাইয়েও চৰকাৰৰ এই কাৰ্য্য সমিচীন নহয় বুলি মন্তব্য কৰাৰ উপৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এই অধিসূচনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।

কেন্দ্ৰীয় চৰকাৰৰ এই ছলনাক তীব্ৰ ভাষাৰে সমালোচনা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথে নৰ্থ ইষ্ট নাওৰ আগত কয়,”অসম তথা উত্তৰ-পূৰ্বাঞ্চলত এই বিষয়টো লৈ ব্যাপক চৰ্চা চলি থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰৰ এনে নিৰ্দেশনা কেতিয়াও গ্ৰহণযোগ্য নহয়। আমি বাৰে বাৰে কৈ আছিলো বেলেগ ৰাজ্যত থিতাপি দিলে সেই লোকসকল অসমলৈকে আহি থিতাপি ল’ব।”

তেওঁ লগতে কয়, ‘’কেন্দ্ৰীয় চৰকাৰৰ এনেধৰণৰ অযুক্তিকৰ সিদ্ধান্তই উত্তৰ-পূৰ্বাঞ্চলক ভয়ংকৰ বিপদত পেলাব।‘’
‘’কেন্দ্ৰীয় চৰকাৰে চলে-বলে কৌশলে হিন্দু বাংলাদেশীক সংস্থাপনৰ উপায় উলিয়াই লৈছে’’- দীপাংক নাথে লগতে কয়।
তদুপৰি তেওঁ কয়, ‘’আজি ১৬ খন জিলাক নিৰ্দেশনা দিছে, কাইলৈ পশ্চিমবংগৰ ১৫ খন জিলাক নিৰ্দেশনা দিব, পৰহিলে কাষৰীয়া কোনো ৰাজ্যক এই নিৰ্দেশনা দিব। গতিকে এইটো হ’লে অসমৰ ৰাইজৰ আৱেগ-অনুভূতি অগ্ৰাহ্য কৰি কৰা কামৰ পৰিণাম ভোগ কৰিব লাগিব।‘’

আনহাতে, বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁয়েও কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এই অধিসূচনাক লৈ যথেষ্ট উদ্বিগ্নতা প্ৰকাশ কৰিছে।

তেওঁ নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত নোহোৱাকৈ এইদৰে সংস্থাপন দিয়াৰ নিৰ্দেশ দিয়াটো আইন বিৰোধী কথা। এইটো কৰ্টত আপিল কৰিব লাগে।‘’

তেওঁ লগতে কয়, ‘’অসমীয়া মানুহ যাতে উত্তপ্ত নহওক, সেইবাবেই অসমক বাদ দি কৰিছে। এই লোকখিনিক নাগৰিকত্ব প্ৰদান কৰিলে এসময়ত অসমলৈ আহিব। এইটোৱে অসমক সুৰক্ষা নিদিয়ে।‘’
‘’নাগৰিকত্ব সংশোধনী বিধেয়কখনেই গণ্ডগোলীয়া,ই ধৰ্ম নিৰপেক্ষতাৰ বিৰোধী,’‘-তেওঁ কয়।

আনহাতে, বিৰোধী দলপতি দেবব্ৰত শইকীইয়ো কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এই অধিসূচনাৰ বিৰোধিতা কৰি নৰ্থ ইষ্ট নাওৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

তেওঁ এই অধিসূচনাক অতি দুৰ্ভাগ্যজনক আখ্যা দি আমাৰ সাংবাদিকক কয়, ‘‘ধৰ্মৰ ভিত্তিত নাগৰিকত্ব প্ৰদান কৰাটো উচিত নহয়, কাৰণ ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ।”

তেওঁ কয়, ‘‘ভাৰতবৰ্ষৰ সকলো নাগৰিকৰে সম-মৰ্যাদা আছে, তেওঁলোক এখন ৰাজ্যৰ নাগৰিক হ’লে আন এখন ৰাজ্যৰ নাগৰিক নহ’ব, তেনে কোনো কথা সংবিধানত নাই। গতিকে পণ্ডীচেৰী অথবা পঞ্জাৱত যিসকলে নাগৰিকত্ব পায়, সেইসকলে ভাষা বুজি পোৱাৰ অসুবিধাত অসমলৈ প্ৰব্ৰজন কৰিব পাৰে। এই কথা আমাৰ বাবে বহু বিপদজনক। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ এই অধিসূচনাক ধিক্কাৰ দিয়াৰ উপৰিও বিজেপি চৰকাৰক গৰিহনা দিছো।”

আনহাতে, বিজেপিৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতাই কয় যে বিলখন পাছ নোহোৱাকৈ কোনো ভিত্তিতে নাগৰিকত্ব দিব নোৱাৰে। এই অধিসূচনাই সংবিধানৰ কাঠামোটোতে আঘাত কৰিব বুলিও তেওঁ মন্তব্য কৰে।

যদিওবা চৰকাৰে উক্ত সাতখন ৰাজ্যৰ ভিতৰত অসমৰ নাম উল্লেখ কৰা নাই তথাপি ইয়াৰ পৰোক্ষ প্রভাৱ পৰিব অসমৰ ওপৰত। এই অধিসূচনাখনৰ গইনালৈয়েই এতিয়া কেন্দ্রীয় চৰকাৰে অতি সহজে নাগৰিকত্ব সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰিব পাৰিব বুলিও সচেতন মহলে আশংকা কৰিছে।