চোৰ গ’লে বুদ্ধি…! প্ৰশ্নকাকত ফাদিলৰ পিছত কেন্দ্ৰৰ নতুন আইন : ১০ বছৰ জেল, ১ কোটি জৰিমণা

পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল ৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্তন কৰিছে নতুন আইন। এই আইনৰ অধীনত দোষী সাব্যস্ত হ’লে অপৰাধীক ১০ বছৰৰ কাৰাদণ্ড আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।

সমগ্ৰ দেশতে নেট আৰু নীটকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে পৰীক্ষাৰ্থীৰ ভৱিষ্যতক লৈ অনিশ্চয়তা সৃষ্টি হৈছে। নীটৰ প্ৰশ্ন ফাদিলৰ তদন্ত এতিয়াও চলি আছে।

পৰীক্ষাৰ এদিনৰ ভিতৰতে ইউজিচি নেট পৰীক্ষা বাতিল ঘোষণা কৰা হয়।

দিল্লীৰ ৰাজপথত বিভিন্ন ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। ইয়াৰ মাজতে শুকুৰবাৰে মাজনিশা প্ৰশ্ন ফাদিল ৰোধৰ বাবে নতুন আইন প্ৰণয়ন কৰে কেন্দ্ৰই।

ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ সন্মতি সাপেক্ষে শুকুৰবাৰে কেন্দ্ৰই জাৰি কৰিছে এই অধিসূচনা। এই আইনখনৰ নাম ৰাজহুৱা পৰীক্ষা (অন্যান্য উপায় প্ৰতিৰোধ) আইন, ২০২৪।

আইন অনুসৰি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰা বা উত্তৰবহীৰ লগত হেতালি খেলা সকলক নূন্যতম ৩ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। এই কাৰাদণ্ড ৫ বছৰলৈকে বৃদ্ধি পাব পাৰে। লগতে ১০ লাখ টকা পৰ্যন্ত জৰিমনাও আৰোপ কৰা হ’ব পাৰে।

ইয়াৰ বাহিৰেও অভিযুক্তৰ বিৰুদ্ধে জামিনহীন ধাৰাত গোচৰ চলোৱা হ’ব। ফলত অভিযুক্তক গ্ৰেপ্তাৰৰ পৰোৱানা অবিহনে গ্ৰেপ্তাৰ কৰিব পৰা যাব।

ইয়াৰ উপৰিও সংগঠিত অপৰাধ প্ৰমাণিত হ’লে অভিযুক্তক অধিক কঠোৰ শাস্তি দিয়া হ’ব বুলি আইনখনত উল্লেখ আছে। এই আইনৰ জানি-বুজিও পৰীক্ষাৰ নীতি ভংগ কৰা কোনো সংস্থাৰ বিষয়াক নূন্যতম ৩ বছৰৰ পৰা ১০ বছৰলৈকে কাৰাদণ্ড বিহা হ’ব পাৰে।  ইয়াৰ উপৰিও ১ কোটি পৰ্যন্ত জৰিমনাও আৰোপ কৰিব পাৰে। যদিহে পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা সংস্থাটোৰ বিষয়া জড়িত থাকে তেন্তে তেওঁক নূন্যতম ৫ বছৰৰ কাৰাদণ্ড আৰু ১ কোটি টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।