NORTHEAST NOW (Assamese)

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm · এন ই নাও নিউজ, গুৱাহাটী

চিনেমা আৰু অ’টিটি প্লেটফৰ্মৰ কন্টেন্ট চুৰি হোৱাৰ অভিযোগত এইবাৰ মেছেজিং এপ টেলিগ্ৰামলৈ জাননী প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰে টেলিগ্ৰাম কৰ্তৃপক্ষক চুৰি হোৱা কন্টেন্টসমূহ শীঘ্ৰে আঁতৰাই পেলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে পাইৰেচী বা কন্টেন্ট চুৰি ৰোধ কৰিবলৈ সংস্থাই কি কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই বিষয়ে ১৫ দিনৰ ভিতৰত সবিশেষ জনাবলৈ জাননীখনত কোৱা হৈছে। চলচ্চিত্ৰ উদ্যোগ, সম্প্ৰচাৰকাৰী সংস্থা, অ’টিটি প্লেটফৰ্ম আৰু প্ৰযোজকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।

যোৱা কেইবছৰমান ধৰি টেলিগ্ৰামৰ বিৰুদ্ধে চিনেমা আৰু অ’টিটি কন্টেন্ট চুৰি কৰাৰ বহুতো অভিযোগ উত্থাপন হৈ আহিছে। নতুন চিনেমা বা ৱেব চিৰিজ মুকলি হোৱাৰ লগে লগেই সেয়া টেলিগ্ৰামৰ জৰিয়তে মানুহৰ মোবাইলত উপলব্ধ হৈ পৰে। ইয়াৰ ফলত চিনেমা আৰু চিৰিজৰ নিৰ্মাতাসকল যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হবলগীয়া হয়। এনেদৰে কন্টেন্ট চুৰি কৰাটো এক আইনগত অপৰাধ হোৱাৰ বাবেই চৰকাৰে এইবাৰ কঠোৰ স্থিতি গ্ৰহণ কৰিছে। চৰকাৰে টেলিগ্ৰামলৈ প্ৰেৰণ কৰা জাননীত স্পষ্টকৈ কৈছে যে এই প্লেটফৰ্মৰ জৰিয়তে পাইৰেটেড চিনেমা আৰু অন্যান্য অডিঅ‘-ভিজুৱেল কন্টেন্ট বিয়পি পৰা ৰোধ কৰিবলৈ টেলিগ্ৰামে উচিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি চৰকাৰে আশা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে জনোৱা মতে, এই চুৰি কেৱল নিয়ম ভংগ কৰাই নহয়, বৰঞ্চ কপিৰাইট আইন ১৯৫৭ আৰু চিনেমাটোগ্ৰাফ আইন ১৯৫২ ৰ অধীনত ই এক ফৌজদাৰী অপৰাধ।

সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰযোজক, অ’টিটি প্লেটফৰ্ম আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি টেলিগ্ৰামে পাইৰেচী বন্ধ কৰিবলৈ প্ৰকৃততে কি ব্যৱস্থা লৈছে, সেয়া জানিব বিচৰা হৈছে। ইয়াৰ লগতে টেলিগ্ৰামক সোঁৱৰাই দিয়া হৈছে যে তথ্য প্ৰযুক্তি আইন আৰু তথ্য প্ৰযুক্তি বিধি অনুসৰি এক মধ্যস্থতাকাৰী হিচাপে তেওঁলোকে উচিত সতৰ্কতা অৱলম্বন কৰিব লাগিব। উল্লেখযোগ্য যে, যোৱা বুধবাৰে তথ্য আৰু প্ৰযুক্তি মন্ত্ৰালয়ে হোৱাটছএপত পৰিকল্পনা কৰা ইউজাৰনেম ফিচাৰক লৈ প্ৰশ্ন উত্থাপন কৰি মেটালৈকো জাননী জাৰি কৰিছিল।

 

Related News