কেন্দ্ৰীয় চৰকাৰে সাংসদসকলৰ দৰমহা, দৈনিক ভাট্টা আৰু পেঞ্চন বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰই ২৪ মাৰ্চ সোমবাৰে ব্যয় মুদ্ৰাস্ফীতি সূচকাংকৰ ভিত্তিত ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা সংসদৰ সদস্যসকলৰ দৰমহা ২৪% বৃদ্ধি কৰাৰ অধিসূচনা জাৰি কৰে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাখনত সংসদৰ সদস্যসকলৰ দৈনিক ভাট্টা আৰু পেঞ্চনও বৃদ্ধি কৰাৰ লগতে প্ৰাক্তন সদস্যসকলৰ বাবে পাঁচ বছৰৰ অধিক সেৱাৰ প্ৰতিটো বছৰৰ বাবে অতিৰিক্ত পেঞ্চনো বৃদ্ধি কৰা হৈছে।
সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা অধিসূচনা অনুসৰি, এই বৃদ্ধি ২০২৩ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ মাহিলি দৰমহা ১ লাখৰ পৰা ১.২৪ লাখ টকালৈ, দৈনিক ভাট্টা ২০০০ৰ পৰা ২৫০০ টকালৈ আৰু প্ৰাক্তন সাংসদৰ পেঞ্চন ২৫ হাজাৰৰ পৰা ৩১ হাজাৰ টকালৈ বৃদ্ধি কৰা হৈছে।
অধিসূচনাত উল্লেখ আছে, পাঁচ বছৰৰ অধিক সেৱা আগবঢ়োৱা সাংসদৰ প্ৰতি বছৰৰ বাবে অতিৰিক্ত পেঞ্চন ২০০০ৰ পৰা ২৫০০ টকালৈ বাঢ়িছে। এই ঘোষণা চলিত বাজেট অধিৱেশনৰ মাজতে কৰা হৈছে। ইয়াৰ পূৰ্বে ২০১৮ চনত দৰমহা ১ লাখ টকা নিৰ্ধাৰণ কৰা হৈছিল। বৰ্তমান সাংসদসকলে সমষ্টি ভাট্টা হিচাপে ৭০ হাজাৰ, অধিৱেশনৰ সময়ত মাহে ৬০ হাজাৰ আৰু দৈনিক ২০০০ টকা পায়, যিটো এতিয়া বৃদ্ধি পাব।
ইয়াৰ উপৰিও, সাংসদসকলে ফোন-ইণ্টাৰনেটৰ ভাট্টা, বছৰি ৩৪খন বিনামূলীয়া বিমান টিকট, প্ৰথম শ্ৰেণীৰ ৰে’ল সেৱা, ৫০ হাজাৰ ইউনিট বিদ্যুৎ আৰু ৪ হাজাৰ কিলোলিটাৰ পানীৰ সুবিধা লাভ কৰে। নতুন দিল্লীত তেওঁলোকৰ পাঁচ বছৰৰ কাৰ্যকালত বিনামূলীয়া বাসগৃহও লাভ কৰে।