কেন্দ্ৰই আনিব নতুন আইন!: ২ বছৰ জেইল, ২ লাখ পৰ্যন্ত জৰিমনা; ২১ বছৰ অনুৰ্ধই কৰিব নোৱাৰিব ধূমপান

Images-of-cigarettes-750x375

ধূমপান তথা অন্যান্য ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী আৰু সেৱনৰ ক্ষেত্ৰত অধিক কঠোৰ হ’ব পাৰে কেন্দ্ৰীয় চৰকাৰ।

শেহতীয়াকৈ তাৰে ইংগিত প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰে ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱন কৰাৰ ক্ষেত্ৰত আইনী বয়স ১৮ বছৰৰ পৰা ২১ লৈ বৃদ্ধি কৰাৰ যো-জা চলাইছে।

ইতিমধ্যে কেন্দ্ৰই এই সম্পৰ্কীয় আইনৰ খচৰা প্ৰস্তুত কৰা বুলি জানিব পৰা গৈছে।

চিগাৰেট আৰু অন্যান্য ধঁপাতজাতীয় সামগ্ৰী(বিজ্ঞাপন আৰু বাণিজ্য, উৎপাদন, যোগান আৰু বিতৰণৰ নিষেধাজ্ঞা) সংশোধনী আইন, ২০২০ৰ খচৰা অনুসৰি ধূমপান তথা অন্যান্য ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ আইনী বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাৰ হৈছে।

খচৰা প্ৰস্তুত কৰি তোলা নতুন আইনখন কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উত্থাপন কৰাৰ কথা।

এই নতুন বিলখনেৰে ধূমপান আৰু ধঁপাত জাতীয় সামগ্ৰী আইন, ২০০৩ৰ সংশোধনী কৰিবলৈ চেষ্টা কৰা হৈছে।

প্ৰস্তাৱিত নতুন বিলখনে চিগাৰেট প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহক ক্ষতি কৰাৰ সম্ভাৱনা আছে। ইয়াৰ দ্বাৰা বহু নতুন নীতি নিৰ্দেশনাৰ লগতে কিছুমনা কঠোৰ নীতি বলৱৎ কৰাৰ সম্ভাৱনা আছে।

সংশোধিত বিলখনৰ মতে শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ পৰ্যন্ত কোনো লোক বা ব্যৱসায়ীয়ে চিগাৰেট আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। আনকি ২১ বছৰৰ অনুৰ্ধ কোনো লোকেও ইয়াৰ ভিতৰত চিগাৰেট আৰু ধঁপাত ক্ৰয় কৰিব নোৱাৰিব।

নতুন বিধান অনুসৰি কোনো ব্যক্তিয়ে প্ৰত্যক্ষ বা পৰোক্ষভাৱে চিগাৰেট বা আন কোনো ধঁপাতৰ সামগ্ৰী প্ৰস্তুত, যোগান বা বিতৰণ নকৰিব যদিহে তেওঁৰ দ্বাৰা প্ৰস্তুত, যোগান বা বিতৰণ কৰা আন কোনো ধপাতৰ সামগ্ৰীৰ প্ৰতিটো পেকেজত ন্যূনতম পৰিমাণ ৰখা নহয়।

বিলখনৰ এই ৭ নং ধাৰাৰ প্ৰথমটো উলংঘনা কৰা সকলে ২ বছৰ পৰ্যন্ত কাৰাবাস খটাৰ লগতে ১ লাখ টকা জৰিমনা আৰু দ্বিতীয়টো উলংঘা কৰা সকলে ৫ বছৰ কাৰাবাস খটাৰ লগতে ৫ লাখ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব।

আনহাতে অভৈধভাৱে চিগাৰেট আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰিলে এবছৰ কাৰাবাস আৰু ৫০ হাজাৰ টকা জৰিমনাৰ পৰা দুবছৰ কাৰাবাস আৰু ১ লাখ টকা জৰিমনা পৰ্যন্ত হ’ব পাৰে।

আনহাতে অবৈধভাৱে চিগাৰেট প্ৰস্তুতকৰণৰ শাস্তি হ’ব ২ বছৰৰ কাৰাবাস আৰু এক লাখ টকা জৰিমনা।

ইফালে নিষিদ্ধ ঘোষিত অঞ্চলত ধূমপান কৰিলে ২০০ টকাৰ পৰা ২০০০ টকা পৰ্যন্ত জৰিমনা ভৰিবলগীয়া হ’ব পাৰে।