• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ ঘোষণা! পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাবে ঘূৰি আহিল পাছ-ফেইল চিষ্টেম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 24, 2024 9:56 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে লৈছে ডাঙৰ পদক্ষেপ। বহু চিন্তা-চৰ্চাৰ পিছত অৱশেষত অধিসূচনা জাৰি কৰি কেন্দ্ৰই পাছ-ফেইল প্ৰক্ৰিয়াটো ঘূৰাই অনাৰ ঘোষণা কৰিছে। অৱশ্যে সকলো শ্ৰেণীতে নহয়। কেৱল পঞ্চম আৰু অষ্টম শ্ৰেণীত। ফলত বিদ্যালয়সমূহত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ’ব। পৰীক্ষাত উত্তীৰ্ণ হ’লেহে ছাত্ৰ-ছাত্ৰীয়ে পৰৱৰ্তী শ্ৰেণীলৈ আগবাঢ়ি যোৱাৰ সুযোগ পাব।

এতিয়ালৈকে পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ বাৰ্ষিক পৰীক্ষা থাকিলেও পাছ-ফেইলৰ বিষয় নাছিল। কিন্তু শিক্ষা মন্ত্ৰালয়ে অনুভৱ কৰে যে এই ব্যৱস্থাৰ ফলস্বৰূপে  ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি আহিছে। যাৰ বাবে শিক্ষা ব্যৱস্থাত এই বৃহৎ সংস্কাৰ অনা হ’ল।

অতীতৰ ‘নো ডিটেনচন পলিচি’ ত্যাগ কৰি কেন্দ্ৰই নতুন অধিসূচনাত পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে বছৰৰ শেষৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতহে নতুন শ্ৰেণীত যোগদানৰ সুযোগ পাব বুলি জনাইছে। যদি কোনো ছাত্ৰ-ছাত্ৰী এই দুটা শ্ৰেণীৰ কোনো বিষয়ত ফেইল কৰে তেন্তে দুমাহৰ ভিতৰত সেই বিষয়ত দ্বিতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱাৰ সুযোগ দিয়া হ’ব। তাতো বিফল হ’লে অনুত্তীৰ্ণ বুলি গণ্য কৰা হ’ব। ফলত শিক্ষাৰ্থীজনে আৰু এবছৰ সেই শ্ৰেণীত পঢ়িব লাগিব।

অৱশ্যে নতুন অধিসূচনাত কেন্দ্ৰই কয় যে পৰীক্ষাত ব্যৰ্থ হোৱা ছাত্ৰ-ছাত্ৰীক শিক্ষকসকলে অতিৰিক্ত গুৰুত্ব দিব লাগিব। প্ৰয়োজন হ’লে অভিভাৱকসকলক ফোন কৰি প্ৰয়োজনীয় পৰামৰ্শ দিবলৈ নিৰ্দেশ দিয়া হৈছে। একে সময়তে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ নোহোৱালৈকে কোনো শিশুক কোনো বিদ্যালয়ৰ পৰা বহিষ্কাৰ কৰা নহ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২০১৯ চনত মোডী চৰকাৰে শিক্ষাৰ অধিকাৰ বিধেয়কখন সংশোধন কৰিছিল। বিধেয়কখনৰ জৰিয়তে পুৰণি পাছ-ফেইল নিয়মটো ঘূৰাই অনা হৈছিল। যদিও বিধেয়কখন গৃহীত হৈছিল, তথাপিও ১৬খন ৰাজ্য আৰু দুখন কেন্দ্ৰীয় শাসিত অঞ্চলে এই বিধেয়ক গ্ৰহণ কৰা নাছিল।

এতিয়া এই অধিসূচনা কেন্দ্ৰই জাৰি কৰাৰ পিছত দেশৰ সকলো কেন্দ্ৰীয় বিদ্যালয়তে এই নতুন নীতি প্ৰযোজ্য হ’ব। কিন্তু কেন্দ্রৰ এই সিদ্ধান্ত ৰাজ্যসমূহে মানি ল’ব নে নাই সেয়া সম্পূর্ণ ৰাজ্যসমূহৰ হাতত থাকিব৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd