দিল্লীৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত; কাৰ্বি আংলং, উঃ কাছাৰ স্বায়ত্তশাসিত পৰিষদত ‘পৰিৱৰ্তন’

KAAC

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ। ফাইল ছবি।

কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত সদস্য সংখ্যা বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে কেন্দ্ৰই।

এই সিদ্ধান্ত অনুসৰি কাৰ্বি পৰিষদৰ সদস্যসংখ্যা ৫০ আৰু উত্তৰ কাছাৰ পৰিষদৰ সদস্যসংখ্যা ৪০ জনলৈ বৃদ্ধি কৰা হ’ব।

সংবিধানৰ ৬ষ্ঠ অনুসূচীৰ সংশোধনীৰ যোগেদি চৰকাৰে এই সিদ্ধান্ত কাৰ্য্যকৰী কৰিব।

তাৰোপৰি সংবিধানৰ ২৮০ নং অনুচ্ছেদৰ সংশোধনৰ জৰিয়তে চৰকাৰে এই পৰিষদ কেইখনক প্ৰত্যক্ষভাৱে ধন যোগান ধৰিব।

‘পঞ্চায়ত সমিতিৰ দৰেই স্বায়ত্তশাসিত পৰিষদৰ এলেকাসমূহতো নিৰ্বাচনৰ জৰিয়তে গাওঁসভা গঠন কৰা হ’ব আৰু কাৰ্য্যবাহী ক্ষমতা বিকেন্দ্ৰীকৃত হ’ব,’ নৰ্থ ইষ্ট নাও-ক জনালে অসমৰ বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

দেশৰ গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত এক বৈঠকত এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে।

বৈঠকখনত মেঘালয়ৰ মুখ্য কনৰাদ চাংমা, ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেব আৰু অসমৰ মন্ত্ৰী চন্দন ব্ৰহ্মও উপস্থিত আছিল।