ক’ৰ’নাতংকৰ মাজতে ডেংগুৰ সন্ত্ৰাস, দেশৰ ১১ খন ৰাজ্যলৈ কেন্দ্ৰৰ সতৰ্ক বাৰ্তা

ক’ৰ’নাই কাবু কৰা দেশত এতিয়া নতুনকৈ মূৰ দাঙি উঠিছে কালান্তক ডেংগুৱে।

ইতিমধ্যে ডেমগুত আক্ৰান্ত হৈ দেশৰ বহু কেইখন ৰাজ্যত বহু লোকে মৃত্যুক সাৱটি লৈছে।

এনে পৰিস্থিতিত ডেংগু নিয়ন্ত্ৰণ কৰিবলৈ দেশৰ ১১ খন ৰাজ্যলৈ সতৰ্ক বাৰ্তা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

Serotype-2 Dengue-এ সংহাৰৰ সৃষ্টি কৰা ৰাজ্য উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ,গুজৰাট, ওড়িশা,কৰ্ণাটক, কেৰালা,ৰাজস্থান,তামিলনাডু, মধ্যপ্ৰদেশ,তেলেংগানা আদি ৰাজ্যলৈ কেন্দ্ৰই প্ৰেৰণ কৰা সতৰ্ক বাৰ্তাত ডেংগু প্ৰতিৰোধৰ বাবে যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য উত্তৰ প্ৰদেশত ডেংগুৱে এতিয়া অতি সংহাৰী ৰূপ ধাৰণ কৰিছে।

ৰাজ্য খনত ডেৰ হাজাৰৰো অধিক লোক ডেংগুত আক্ৰান্ত হোৱাৰ খবৰ আহিছে।

কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ১১ খন ৰাজ্যকে এই বুলি সতৰ্ক কৰি দিছে যাতে জ্বৰ হ’লেই সেয়া ডেংগু নেকি নিশ্চিত কৰা হয়।

ডেংগু চিনাক্তকৰণত পলম হোৱা বাবেই বহু সময়ত বহু ৰোগীৰ মৃত্যু ঘটাৰ তথ্য এতিয়া আৰু নতুন হৈ থকা নাই।

ইপিনে দেশৰ বিভিন্ন ৰাজ্যত মেলেৰিয়ায়ো কালান্তক ৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে।

দেশৰ ডেংগু আক্ৰান্ত ১১ খন ৰাজ্যৰ চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে তেজ আৰু প্লাজমা মজুত ৰখাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিছে।