বিতৰ্কই যেন লগ এৰা নাই ‘আদিপুৰুষ’ক।
এই ছবিখনৰ প্ৰদৰ্শন নিষিদ্ধ কৰাৰ দাবীত এলাহাবাদ উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হয়। সেই গোচৰৰ শুনানি হৈছিল মঙলবাৰে।
শুনানিৰ সময়ত ন্যায়াধীশ ৰাজেশ সিং চৌহান আৰু প্ৰকাশ সিঙৰ বিচাৰপীঠে ছবি নিৰ্মাতাসকলক তীব্ৰ সমালোচনা কৰে। স্পষ্ট কৰি দিয়া হয় যে নিৰ্মাতাসকলে ধৰ্মীয় কিতাপৰ ওপৰত কোনো ছবি নিৰ্মাণ কৰিব নোৱাৰে।
মঙলবাৰৰ পিছত পুনৰ বুধবাৰে শুনানি অনুষ্ঠিত হয়। ন্যায়াধীশ ৰাজেশ সিং চৌহানে পুনৰবাৰ ‘আদিপুৰুষ’ৰ নিৰ্মাতাসকলক তিৰস্কাৰ কৰে।
ন্যায়াধীশগৰাকীয়ে কয়, ‘এই ছবিখনত কুৎসিত আৰু নিম্নমানৰ সংলাপ ব্যৱহাৰ কৰা হৈছে। চৰিত্ৰসমূহৰ চিত্ৰণত মেকাৰসকলে সফলতা আনিব পৰা নাই।
ন্যায়াধীশগৰাকীয়ে লগতে কয়, ‘আপুনি কোনো ধৰ্মগ্ৰন্থৰ ওপৰত চিনেমা নিৰ্মাণ কৰা উচিত নাছিল। মই স্পষ্টকৈ কৈছোঁ যে যিকোনো ধৰ্মক স্পৰ্শ কৰা ছবি নিৰ্মাণ কৰা নহ’ব। কোনো কাৰণতে কোনো ধৰ্মক সাধাৰণ জনতাৰ সন্মুখত ভুলকৈ উপস্থাপন কৰিব নালাগে।”
ন্যায়াধীশে সকীয়াই দি কয়, ‘যদি ক্ষমতা আছে তেন্তে ভুল তথ্যৰে কোৰাণৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰক। তেতিয়া আপোনাৰ অৱস্থা কেনেকুৱা হৈছে চাম। কেৱল পকেট ভৰোৱাৰ বাবেই ভুল তথ্যৰে চিনেমা নিৰ্মাণ কৰিছে প্ৰযোজকসকলে। কোনো ধৰ্মৰ মানুহক আঘাত দিব পৰা বস্তু সৃষ্টি নকৰিব। ভৱিষ্যতে কোনো ধৰ্মক লৈ চিনেমা নিৰ্মাণ নকৰিব।”
অৱশ্যে বুধবাৰৰ শুনানিত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজেশ সিং চৌহানে কেৱল ছবি নিৰ্মাতাৰ পৰাই নহয়, চেন্সৰ ব’ৰ্ডকো সমালোচনা কৰে।
ন্যায়াধীশৰ মতে, চেন্সৰ ব’ৰ্ডে কেনেকৈ এই ছবিখন মুক্তিৰ অনুমতি দিলে মই বুজি নাপাওঁ। ইমান সমালোচনাৰ পিছতো আমি কিয় মৌন হৈ আছো? আচলতে হিন্দু মানুহ অতি সহনশীল। আৰু সেইবাবেই নিৰ্মাতাসকলে এনে পৰীক্ষা-নিৰীক্ষা কৰিবলৈ সাহস কৰে।”