আজিৰ পৰা প্ৰস্তাৱিত দুদিনীয়া ‘চকাবন্ধ’ কাৰ্যসূচী প্ৰত্যাহাৰ

Chakka Bandh

প্ৰতিনিধিত্বমূলক চিত্ৰ

সদৌ অসম বাছ পৰিচালনা সমন্বয়ৰক্ষী সমিতিয়ে ৮ আৰু ৯ এপ্রিলত আহ্বান জনোৱা ‘চকাবন্ধ’ কার্যসূচী সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দেওবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই কথা জানিবলৈ দিয়ে সমিতিয়ে।

প্ৰেছ বিজ্ঞপ্তিটোত সমিতিৰ আহ্বায়ক মণ্ডলী ক্ৰমে নয়নজ্যোতি কলিতা আৰু দেৱজিৎ দাসে জনায় যে অসম চৰকাৰৰ বিভাগীয় মন্ত্রী, বিভাগীয় কর্তৃপক্ষ আৰু সন্থাৰ বিষয়ববীয়াৰ মাজত অনুষ্ঠিত হোৱা বৈঠকত ইতিবাচক সঁহাৰি লাভ কৰা বাবেই ৮ আৰু ৯ এপ্রিলৰ চকাবন্ধ কার্যসূচী সাময়িকভাৱে স্থগিত ৰখা হৈছে।

উল্লেখ্য যে যোৱা ১ এপ্রিলত তেজপুৰস্থিত কেতেকী বিবাহ ভৱনত সদৌ অসম যাত্রীবাহী পৰিবহণ সমন্বয়ৰক্ষী সমিতিয়ে এখন সভা অনুষ্ঠিত কৰি ৰাজ্যজুৰি চকাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল।

সদৌ অসম মটৰ পৰিবহণ সন্থাই বাৰম্বাৰ চলিত বছৰৰ মাৰ্চ মাহৰ ভিতৰত নিৰ্বাচন আৰু আইন-শৃংখলা জনিত কাৰণত ভাৰাৰ বাবে অধিগ্ৰহণ কৰিব লগা গাড়ীসমূহৰ ভাৰা ৫০ শতাংশ বৃদ্ধিৰ লগতে কৰ্মচাৰীৰ ভাত্তা ১০০ শতাংশ বৃদ্ধিৰ দাবী জনাই আহিছিল। কিন্তু এতিয়ালৈ সেয়া কাৰ্যকৰী নহ’ল বৰঞ্চ ২০১২ চনৰ নিৰিখতেই ভাৰা চলি আহিছে বুলি সন্থাই জানিবলৈ দিয়ে।