NORTHEAST NOW (Assamese)

চেম্পিয়নছ ট্ৰফী: ২৩ ফেব্ৰুৱাৰীত ভাৰত বনাম পাকিস্তানৰ মেচ, সম্পূৰ্ণ সূচী চাওক…

December 24, 2024 7:16 pm · এন ই নাও নিউজ, গুৱাহাটী

২৪ ডিচেম্বৰ মঙলবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে চেম্পিয়নছ ট্ৰফীৰ সম্পূৰ্ণ সময়সূচী ঘোষণা কৰে। ভাৰতৰ বাবে পিচিবিয়ে হাইব্ৰিড মডেলৰ বাবে সন্মতি দিয়াৰ পাছৰে পৰা সংযুক্ত আৰব আমিৰশ্বাহীৰ সমান্তৰালভাৱে পাকিস্তানে এই প্ৰতিযোগিতাখন আয়োজন কৰিব বুলি ঘোষণা কৰে আইচিচিয়ে।

২৩ ফেব্ৰুৱাৰীত ডুবাইত অনুষ্ঠিত হব ভাৰত বনাম পাকিস্তানৰ  মেচ। যদিহে ভাৰতে প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰে তেন্তে ডুবাইত এই ফাইনেল মেচ আয়োজন কৰা হব। আইচিচিয়ে ঘোষণা কৰে যে ১৯ ফেব্ৰুৱাৰীৰ পৰা কৰাচীত পাকিস্তান বনাম নিউজিলেণ্ডৰ খেলখন আৰম্ভ হব আৰু ৯ মাৰ্চলৈকে চলিব।ছেমি ফাইনেল আৰু ফাইনেল দুয়োটাতে ৰিজাৰ্ভ দিন থাকিব।

সকলো মেচ আৰম্ভ হবিয়লি ২:৩০  IST ৰ পৰা। ষ্টাৰ স্পৰ্টছৰ জৰিয়তে ভাৰতৰ সকলো খেল সম্প্ৰচাৰ কৰা হব।

আইচিচিয়ে চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে হাইব্ৰিড মডেলৰ অনুমোদন জনায়, ত পাকিস্তান আৰু ইউএইৰ মাজত মেচ বিভক্ত কৰা হয়। পাকিস্তান ক্ৰিকেট বৰ্ড পিচিবি আৰু ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ মাজত হোৱা চুক্তিৰ অন্তত এই ব্যৱস্থা চূড়ান্ত কৰা হয়।

এই মডেলৰ অধীনত পাকিস্তানে ১০খন মেচ আয়োজন কৰাৰ বিপৰীতে পাকিস্তানৰ বিৰুদ্ধে বহু প্ৰত্যাশিত মেচকে ধৰি ভাৰতৰ তিনিখন লীগ পৰ্যায়ৰ খেল ডুবাইত অনুষ্ঠিত হব। ইয়াৰে এখন ছেমি ফাইনেল আৰু ফাইনেলো ডুবাইত অনুষ্ঠিত হব। যদিহে ভাৰতে ফাইনেলত প্ৰৱেশ নকৰে তেন্তে ফাইনেল লাহোৰত অনুষ্ঠিত হব।

CHAMPIONS ট্ৰফী গ্ৰুপ

গ্ৰুপ A : বাংলাদেশ, ভাৰত, নিউজিলেণ্ড আৰু পাকিস্তান

গ্ৰুপ B : আফগানিস্তান, অষ্ট্ৰেলিয়া, ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা

চেম্পিয়নছ ট্ৰফী ২০২৫: সূচী

১৯ ফেব্ৰুৱাৰী পাকিস্তান বনাম নিউজিলেণ্ড, নেশ্যনেল ষ্টেডিয়াম, কৰাচী

২০ ফেব্ৰুৱাৰী বাংলাদেশ বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২১ ফেব্ৰুৱাৰী আফগানিস্তান বনাম দক্ষিণ আফ্ৰিকা, নেশ্যনেল ষ্টেডিয়াম, কৰাচী

২২ ফেব্ৰুৱাৰী অষ্ট্ৰেলিয়া বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৩ ফেব্ৰুৱাৰী পাকিস্তান বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

২৪ ফেব্ৰুৱাৰী – বাংলাদেশ বনাম নিউজিলেণ্ড, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৫ ফেব্ৰুৱাৰী অষ্ট্ৰেলিয়া বনাম দক্ষিণ আফ্ৰিকা, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৬ ফেব্ৰুৱাৰী আফগানিস্তান বনাম ইংলেণ্ড, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

২৭ ফেব্ৰুৱাৰী পাকিস্তান বনাম বাংলাদেশ, ৰাৱালপিণ্ডি ক্ৰিকেট ষ্টেডিয়াম, ৰাৱালপিণ্ডি

২৮ ফেব্ৰুৱাৰী আফগানিস্তান বনাম অষ্ট্ৰেলিয়া, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ

১ মাৰ্চ দক্ষিণ আফ্ৰিকা বনাম ইংলেণ্ড, নেচনেল ষ্টেডিয়াম, কৰাচী

২ মাৰ্চ নিউজিলেণ্ড বনাম ভাৰত, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই

৪ মাৰ্চ ছেমি ফাইনেল ১, ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম, ডুবাই*

৫ মাৰ্চ ছেমি ফাইনেল ২, গাদ্দাফি ষ্টেডিয়াম, লাহোৰ**

৯ মাৰ্চ ফাইনেল – গাদ্দাফি ষ্টেডিয়াম, লাহোৰ***

ভাৰতীয় মানক সময় অনুসৰি দুপৰীয়া ২:৩০ বজাৰ পৰা সকলো খেল আৰম্ভ হয়

* ছেমি ফাইনেল ১ ত ভাৰতে যোগ্যতা অৰ্জন কৰিলে অংশগ্ৰহণ কৰিব

**ছেমি ফাইনেল ২ ত পাকিস্তানে যোগ্যতা অৰ্জন কৰিলে অংশগ্ৰহণ কৰিব

*** যদি ভাৰতে ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে তেন্তে ডুবাইৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ

Related News