NORTHEAST NOW (Assamese)

চাণক্য নীতি : এইকেইটা কথা জানি লওঁক, চকু খোল খাব আপোনাৰ

May 18, 2023 7:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 17, 2023 10:25 pm

প্ৰাচীন ভাৰতৰ ইতিহাসত চাণক্যৰ নাম সোণালী আখৰেৰে লিখা হৈছে। তেওঁ আছিল এজন মহান পণ্ডিত, কূটনীতিবিদ, দাৰ্শনিক আৰু অৰ্থনীতিবিদ। ইতিহাসৰ মাজেৰে চালে দেখিব যে আজিলৈকে মানুহক সমানে প্ৰভাৱিত কৰি অহা বহুতো কিতাপ আছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে চাণক্যৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ গ্ৰন্থ- ‘চাণক্য-নীতি’। কেৱল কিতাপৰ গৱেষণাই নহয়, চাণক্য নীতি আজিও মানুহৰ জীৱনতো সমানে ফলপ্ৰসূ।

চাণক্য নীতি পালন কৰি জীৱনত সফলতা লাভ কৰিব পাৰি। চাণক্যক মহান পণ্ডিতৰ ভিতৰত গণ্য কৰা হয়। এই কাৰণেই আজিও প্ৰাসংগিক আলোচনাত চাণক্যৰ নীতিৰ কথা আহি পৰে। চাণক্যই কৈছে জ্ঞান মানুহৰ শ্ৰেষ্ঠ সম্পদ। এজন জ্ঞানী মানুহক সকলোতে শলাগ লোৱা হয়। জ্ঞানৰ শক্তিৰে মানুহে এই পৃথিৱীৰ সকলোখিনি সাধন কৰিব পাৰে। গতিকে নিজকে জ্ঞানী কৰক। সৌন্দৰ্য্য আৰু যৌৱনতকৈ জ্ঞান অধিক শক্তিশালী। কিন্তু জ্ঞানৰ অহংকাৰত অন্ধ হোৱাটো কেতিয়াও উচিত নহয়।

চাণক্য এজন ভাৰতীয় শিক্ষক, দাৰ্শনিক, অৰ্থনীতিবিদ আৰু ৰাজ উপদেষ্টা আছিল। অৰ্থনৈতিক আৰু ৰাজনৈতিক দূৰদৰ্শিতাৰ বাবে চাণক্য আজি বিশ্ববিখ্যাত। পৃথিৱীৰ বিষয়ে তেওঁৰ জ্ঞান অপৰিসীম আছিল. আহকচোন মহামুনি চাণক্যই দিয়া এনেকেইটামান নীতিৰ বিষয়ে জানি লওঁ, যি কেইটা নীতি মনত ৰাখিলে জীৱনত বহু বিপদৰ পৰা হাত সাৰিব পাৰিব আৰু সংসাৰৰ বিষয়ে গভীৰ জ্ঞান উপলব্ধি কৰিব পাৰিব –

১। মূর্খ লােকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লােকৰ মূর্খ স্বভাৱৰ কাৰণে।

২। ব্যৱহাৰ এনেকুৱা এটা বস্তু যিটোৱে মূহূর্ততে পৰক আপােন আৰু আপােনক পৰ কৰিব পাৰে।

৩। দেউতাৰ হাতত ধৰি থাকা, মানুহৰ ভৰিত ধৰাৰ প্রয়োজন নপৰে।

৪। শিয়ালৰ দৰে এশবছৰ জীয়াই থকাতকৈ সিংহৰ দৰে এদিন জীয়াই থকাই ভাল।

৫। সম্পত্তি যিমানেই নাথাকক ,স্বামী যদি চৰিত্রহীন হয়, ঘৈণীৰ সুখ শান্তি নাথাকে।

৬। এখন দেশক যদি ধংস কৰিব বিচৰা তেন্তে মানুহৰ মাজত ধৰ্মৰ নামত যুঁজ লগাই দিয়া । দেশী এনেই ধংস হৈ যাব।

Related News