• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হত্যাৰ বলি হৈছিল নেকি জোনমণি! প্ৰত্যক্ষদৰ্শীৰ ভাষ্যই দিছে নতুন ইংগিত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 7:59 am
Junmoni Rabha
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সম্প্ৰতি ৰাজ্যত সবাতোকৈ চৰ্চিত হৈ পৰা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাই আন এক গতি লাভ কৰিছে। পথ দুৰ্ঘটনাত জোনমণিৰ মৃত্যু ঘটা বুলি আৰক্ষীয়ে উল্লেখ কৰিলেও পৰিয়ালৰ লোকে তোলা হত্যাৰ অভিযোগৰ পাছতে সমগ্ৰ ঘটনা ৰহস্যঘন হৈ পৰিছে।

এনে সময়তে এই সমগ্ৰ ঘটনাৰ এগৰাকী প্ৰত্যক্ষদৰ্শীৰ দাবীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত এক নতুন ইংগিত বহন কৰিছে। প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীৰ ভাষ্যই জোনমণিৰ মৃত্যুত হত্যাৰ ষড়যন্ত্ৰ থকাৰ অধিক সন্দেহৰ সৃষ্টি কৰিছে।

Apply Now

যুৱকগৰাকীৰ দাবী অনুসৰি দুৰ্ঘটনাস্থলীত বহুসময় ধৰি ৰখাই থোৱা আছিল জোনমণি ৰাভাৰ বাহন। বাহনখন ৰখাই থোৱা সময়তে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে জোনমণিৰ বাহনখনত খুন্দা মাৰে।

এই সন্দৰ্ভত যুৱকগৰাকীয়ে কয় যে, নিশা প্ৰায় ১:৩০ বজাত তেওঁ গুৱাহাটীৰ পৰা আহি আছিল আৰু টোপনি অহাৰ বাবে জখলাবন্ধাত কিছু সময় জিৰণি লোৱাৰ সিদ্ধান্ত লৈছিল।

নিজ বাহনৰ পৰা ওলাই পথৰ কাষৰ এখন দোকানলৈ যোৱাৰ সময়তে তেওঁ ৰখাই থোৱা আন এখন বাহন দেখা পাইছিল বুলি যুৱকগৰাকীয়ে লগতে উল্লেখ কৰে। তেনে সময়তে এখন ট্ৰাকে ইচ্ছাকৃতভাৱে ৰখাই থোৱা বাহনখনত সন্মুখৰ পৰা খুন্দা মাৰে বুলি তেওঁ লগতে দাবী কৰে।

ইফালে ট্ৰাকখনে খুন্দা মৰাৰ পূৰ্বে জোনমণি ৰাভাৰ বাহনৰ পৰা ক’লা পেণ্ট আৰু জোতা পৰিহিত এগৰাকী যুৱক নামি যোৱা বুলিও চাঞ্চল্যকৰ দাবী কৰিছে যুৱকগৰাকীয়ে।

তেওঁ কয় যে, বিপদ অনুভৱ কৰি তেওঁ প্ৰথমে গাড়ীৰ কাষ চাপিবলৈ দ্বিধাবোধ কৰিছিল যদিও জখলাবন্ধা থানাৰ আৰক্ষী বিষয়াসকল ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে তেওঁ দুৰ্ঘটনাস্থলীৰ কাষ চাপি গৈছিল।

কিন্তু জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে তেওঁক আঁতৰি যাবলৈ নিৰ্দেশ দিয়াৰ বাবে তেওঁ সেই স্থানৰ পৰা আঁতৰি যায় বুলিও ইংগিতপূৰ্ণ দাবী কৰিছে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীয়ে।

ইতিপূৰ্বেই জোনমণিৰ পৰিয়াল আৰু একাংশ শুভাকাংক্ষীয়ে জোনমণিৰ মৃত্যুত সন্দেহ প্ৰকাশ কৰি এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি আহিছে। এনে দাবীৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ চি আই ডি তদন্তৰ নিৰ্দেশ দিয়া হৈছে।

এনে সময়তে প্ৰত্যক্ষদৰ্শী যুৱকগৰাকীৰ ভাষ্যই এই সমগ্ৰ ঘটনাৰ ক্ষেত্ৰত আনি দিয়া নতুন ইংগিতে যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

বিৰোধীৰ আবেদনত ১৪টা ‘ভুল’, আদায় দিয়া হোৱা নাই সম্পূৰ্ণ আদালতৰ মাচুলো; জনালে উচ্চতম ন্যায়ালয়ে

October 13, 2026 9:01 am
বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

বজাৰত জুই, ছেপ্টেম্বত ভাৰতৰ খুচুৰা মুদ্ৰাস্ফীতি ৫.৫৪% লৈ বৃদ্ধি; কেৱল পিঁয়াজৰে দাম ১০৮ শতাংশ বৃদ্ধি

October 13, 2026 8:03 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd