আচাৰ্য চাণক্য ভাৰতৰ অন্যতম মহান পণ্ডিতসকলৰ ভিতৰত এজন আছিল। তেওঁ উল্লেখ কৰা নীতিসমূহ আজিও আমাৰ বাবে অতি প্ৰযোজ্য। তেওঁ বৰ্ণনা কৰা নীতিসমূহ সঠিকভাৱে পালন কৰিলে বহু ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি। চাণক্যই তেওঁৰ এটা নীতিত ৩ টা সুখৰ কথা উল্লেখ কৰিছে, যিটো পালে পৃথিৱীতে স্বৰ্গৰ অনুভূতি হয়। কি এই তিনিটা সুখ জানি লও আহক…
যাৰ পুত্ৰ তেওঁৰ অধীন অৰ্থাৎ তেওঁৰ কথা শুনে, যাৰ পত্নী সুন্দৰী আৰু সংস্কাৰী, লগতে যি ব্যক্তি নিজৰ ধন-সম্পত্তিতে সন্তুষ্ট থাকে, এনে ব্যক্তিৰ বাবে পৃথিৱীয়েই স্বৰ্গৰ সমান।
আজ্ঞাবাহী পুত্ৰ
বৰ্তমান সময়ত যদি কিবা এটা আটাইতকৈ বেছি সমস্যাৰ কাৰণ হয় তেন্তে সেয়া হ’ল সন্তান। আচাৰ্য চাণক্যৰ মতে যদি কোনো ব্যক্তিৰ সন্তান আজ্ঞাবাহী আৰু কোনো ভুল কাম নকৰে, তেন্তে তেনে ব্যক্তিৰ বাবে সেইটোৱেই আটাইতকৈ ডাঙৰ সুখ। এই সুখ পৃথিৱীত পোৱা সকলো সুখৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ সুখ।
সুন্দৰী আৰু সংস্কাৰী পত্নী
বিবাহিত জীৱনত প্ৰায়ে কাজিয়া-পেচালৰ সৃষ্টি হয়, প্ৰায়ে পত্নীৰ কাজিয়া কৰা স্বভাৱৰ বাবে এনে হয়। যদি এজনৰ পত্নী সুন্দৰী হোৱাৰ লগতে ভাল গুণসম্পন্ন অৰ্থাৎ ঘৰৰ চোৱাচিতা কৰা আৰু মধুৰ কথা কোৱা হয় তেন্তে তেওঁৰ বাবে পৃথিৱীখনেই স্বৰ্গ।
নিজৰ ধন-সম্পত্তিতে সন্তুষ্টি
চাণক্যই কৈছে যে যিজন ব্যক্তিয়ে নিজৰ ধন-সম্পত্তিতে সন্তুষ্ট, অৰ্থাৎ তেওঁৰ যি ধন-সম্পত্তি আছে তাতেই সুখী হয়, তেন্তে ইয়াতকৈ ডাঙৰ কথা আৰু আন একো হ’ব নোৱাৰে। আজ্ঞাকাৰী সন্তান, সুন্দৰী-সংস্কাৰী পত্নীৰ বাহিৰেও এইটোৱেই তৃতীয় সুখ যিয়ে পৃথিৱীত স্বৰ্গৰ অনুভুতি দিয়ে।