আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পুনৰ সোণৰ পদক আজুৰিলে অসমৰ যুৱতীয়ে

udalguri-karate

আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক দখল কৰিলে অসমৰ যুবতীয়ে।

উত্তৰ প্ৰদেশৰ শ্বাহৰাণপুৰত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ ৪৫ কেজি শাখাত সোণৰ পদক দখল কৰে অসমৰ সোতৰ বছৰীয়া যুবতী চান্দিনি খাতুনে।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী চকীৰ অন্তৰ্গত ২ নং নাহৰবাৰি গাঁৱৰ কুদোছ খান আৰু খাতিম বেগমৰ কন্যা  চান্দিনিয়ে উত্তৰ প্ৰদেশত অনুষ্ঠিত প্ৰতিযোগিতাখনত চমকপ্ৰদ প্ৰদৰ্শনেৰে প্ৰতিপক্ষক ধাৰাশায়ী কৰি অসমলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়।

ওদালগুৰিৰ এটা অত্যন্ত দৰিদ্ৰ পৰিয়ালৰ ছোৱালী চান্দিনিয়ে দৰিদ্ৰতাৰ সৈতে সংগ্ৰাম কৰি নিজৰ অধ্যাৱসায় আৰু একাগ্ৰতাৰে প্ৰতিযোগিতাখনৰ বাবে প্ৰস্তুতি চলাই সফলতা লাভ কৰে।

প্ৰতিযোগিতাখনত সোণৰ পদক দখল কৰি বৃহস্পতিবাৰে ৰে’লেৰে মাতৃভূমি অসমত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈগৰাকীক আবছু, আটছা, এবিআমছুকে আৰু ওদালগুৰি জিলা প্ৰশাসনকে ধৰি বিভিন্ন দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে।

জিলা প্ৰশাসনক প্ৰতিনিধিত্ব কৰা আৰক্ষী উচ্চায়ুক্ত মইদুল ইছলাম আৰু মাজবাট আৰক্ষীৰ আৰক্ষী অধীক্ষক উপেন চন্দ্ৰ ব্ৰহ্মই খেলুৱৈগৰাকীক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জনাই তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰে।

উল্লেখযোগ্য যে, চলিত বৰ্ষত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হোৱা চান্দিনিয়ে নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা মুখামুখিত ৰাজ্যৰ বাবে সোণৰ পদক দখল কৰিবলৈ পোৱাটো অতি ভাল লগা অনুভব বুলি উল্লেখ কৰে।

নিজৰ শিক্ষানুষ্ঠানত অনুষ্ঠিত হোৱা এটা তিনিমহীয়া কাৰাটে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ পাছত কাৰাটেৰ প্ৰতি আগ্ৰহী হোৱা বুলি উল্লেখ কৰি ভবিষ্যতে তেওঁ আৰু অধিক উন্নত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

আনহাতে, স্থানীয় দল-সংগঠন সমূহে ৰাজ্য চৰকাৰক খেলুৱৈ গৰাকীক উন্নত প্ৰশিক্ষণৰ বাবে আৰু যাবতীয় সহায়ৰ বাবে আগবাঢ়ি অহাৰ বাবে আহ্বান জনাইছে।