বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালভাৱে বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰেৰে টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ

উজনি অসমৰ  অন্যতম অগ্ৰণী উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান যোৰহাট জিলাৰ টীয়ক স্থিত টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় ।

১০৫ বিঘা ভূমিৰ চৌহদযুক্ত এই মহাবিদ্যালয়ৰ ভিতৰচ’ৰাৰ পৰিবেশ অতি আকৰ্ষণীয়। বিদ্যায়তনিক শিক্ষাৰ সমান্তৰালকৈ বৃত্তিমূলক শিক্ষাৰ প্ৰতি ছাত্ৰ-ছাত্ৰী সকলক আকৰ্ষিত কৰাৰ উদ্দেশ্যে বৃহত্তম উচ্চ শিক্ষাৰ অনুষ্ঠানটিয়ে ২০১৬ চনতে আৰম্ভ কৰিছিল কেইবাটাও বৃত্তিমূলক কাৰিকৰী শিক্ষাৰ পাঠ্যক্ৰম।

উদ্দেশ্যে মাথো এটাই যাতে  মহাবিদ্যালয়ত অধ্যয়নত ছাত্ৰ ছাত্ৰীসকল কেৱল চাকৰিমুখী নহৈ বৃত্তিমুখী হৈ স্ব-নিৰ্ভৰশীল হ’ব পাৰে।

উল্লেখযোগ্য যে, বৃহত্তৰ ভূমিখণ্ডক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই চৌহদতে ইতিমধ্যে ছাগলী, গাহৰি, হাঁহ, মৎস্য আদিকে ধৰি পশুপালন, বিভিন্ন কৃষিকৰ্মৰে এক সুকীয়া পৰিবেশৰ সুচনা কৰিছে। আৰম্ভ কৰিছে কৃষি বিপ্লৱ।

মহাবিদ্যালয়খনৰ এনে পদক্ষেপে ইতিমধ্যে সৰ্বত্ৰে বিশেষ চৰ্চা লাভ কৰিছে। ইয়াৰ উপৰিও মহাবিদ্যালয় কৰ্তৃপক্ষই কম্পিউটাৰৰ বিভিন্ন ব্যৱহাৰিক পাঠ্যক্ৰম, বিভিন্ন ইলেক্ট্ৰনিক সামগ্ৰী ৰিপিয়াৰিংকে ধৰি কেইবাটাও বিষয়ৰ বৃত্তিমূলক শিক্ষা উপযুক্ত প্ৰশিক্ষকৰ দ্বাৰা প্ৰদানৰ ব্যৱস্থা কৰিছে য’ত মহাবিদ্যালয়ত অধ্যয়নত ছাত্ৰ ছাত্ৰীৰ বাহিৰেও ইচ্ছুক প্ৰশিক্ষাৰ্থীয়েও প্ৰশিক্ষণ গ্ৰহণৰ সুব্যৱস্থা লাভ কৰিছে।

বৰ্তমান যদিও সমগ্ৰ পৰিকল্পনাটিয়ে মাত্ৰ চাৰিটা বছৰ অতিক্ৰম কৰি চালুকীয়া অৱস্থাতে আছে তৎসত্তেও বিগত বছৰত গাহৰি, ছাগলী, হাঁহ, মাছ বিক্ৰী কৰি কিছু পৰিমাণে অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু এই উপাৰ্জিত অৰ্থৰে আৰু ন ন প্ৰকল্প হাতত ল’বলৈ চেষ্টা অব্যাহত ৰাখিছে যি নৱপ্ৰজন্মৰ বাবে অতি ইতিবাচক তথা আজিৰ তাৰিখত অতি প্ৰয়োজনীয় বুলি একেষাৰে ক’ব পাৰি।