ভোটৰ কামাল! ৫ দিনত ৫৩৫ কোটি বৃদ্ধি পালে চন্দ্ৰবাবু নাইডুৰ পত্নীৰ সম্পত্তি

লোকসভা নিৰ্বাচনৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিধান সভাৰ নিৰ্বাচনতো ভাল ফলাফল প্ৰদৰ্শন কৰিছে চন্দ্ৰবাবু নাইডুৰ দল টিডিপি-এ। অহা ১২ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে।

নিৰ্বাচনৰ ফলাফলৰ পিছত ইয়াৰ প্ৰভাৱ দেখা গ’ল নাইডুৰ ব্যৱসায়িক শ্বেয়াৰত। মাত্ৰ ৫ দিনতে চন্দ্ৰবাবু নাইডুৰ কোম্পানীৰ শ্বেয়াৰৰ মূল্য ৫৫ শতাংশ বৃদ্ধি পালে। ফলত চন্দ্ৰবাবুৰ পত্নী নৰা ভুৱনেশ্বৰীৰ সম্পত্তিও নিশাটোৰ ভিতৰতে ৫৩৫ কোটি টকা বৃদ্ধি পালে।

চন্দ্ৰবাবু নাইডুৰ কোম্পানী হেৰিটেজ ফুডছ। ১৯৯২ চনত তেওঁ এই কোম্পানীটো আৰম্ভ কৰিছিল। কোম্পানীটোৰ মূলতঃ দুগ্ধ আৰু নবীকৰণযোগ্য শক্তি নামৰ দুটা শাখা আছে। অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ, ওড়িশা, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু উত্তৰাখণ্ডত চন্দ্ৰবাবু নাইডুৰ দুগ্ধজাত সামগ্ৰী উপলব্ধ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ আগদিনা ৩ জুনত কোম্পানীটোৰ ষ্টকৰ মূল্য ৪২৪ টকা আছিল যদিও ফলাফল ঘোষণাৰ কিছু সময়ৰ পিছতে ৬৬১ টকা ২৫ পইচালৈ বৃদ্ধি পায়।

চন্দ্ৰবাবু নাইডুৰ পত্নী নৰা ভুবনেশ্বৰী এই কোম্পানীৰ অন্যতম শ্বেয়াৰহোল্ডাৰ। মুঠ ২,২৬,১১,৫২৫ টা ষ্টক তেওঁৰ নামত আছে।

ভোটৰ ফলাফল প্ৰকাশ পোৱাৰ লগে লগে নৰা ভুৱনেশ্বৰীৰ সম্পত্তিও ৫৩৫ কোটি টকা বৃদ্ধি পালে। চন্দ্ৰবাবু নাইডুৰ পুত্ৰ নৰা লোকেশো হেৰিটেজ ফুডছৰ অংশীদাৰ। তেওঁৰ নামত ১,০০,৩৭,৪৫৩ টা শ্বেয়াৰ আছে। মাকৰ দৰে তেওঁৰ সম্পত্তিও তিনিদিনত ২৩৭.৮ কোটি টকা বৃদ্ধি পালে।