NORTHEAST NOW (Assamese)

নিৰ্ধাৰিত সময়ৰ প্ৰায় ১ মিনিট আগতেই চন্দ্ৰ জয়! বিক্ৰমৰ অৱতৰণৰ বিষয়ে জনালে ইছৰ’ই

August 23, 2023 8:47 pm · এন ই নাও নিউজ, গুৱাহাটী

নিৰ্ধাৰিত সময়ৰ প্ৰায় ১মিনিট আগতেই চন্দ্ৰযান ৩ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে। লগে লগে ইছৰ’ই ইতিহাস ৰচনা কৰিলে। চন্দ্ৰৰ দক্ষিণ মেৰু জয় কৰা ভাৰত বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়। চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্ৰমে নিৰ্ধাৰিত সময়তকৈ অলপ আগতে নামিলেও সফলতাৰে চন্দ্ৰত অৱতৰণ কৰিছে। ইতিমধ্যে চন্দ্ৰযানে অৱতৰণৰ পিছত চন্দ্ৰপৃষ্ঠৰ ফটোও পঠিয়াইছে।

উল্লেখ্য যে ইছৰোৱে পূৰ্বে ঘোষণা কৰিছিল যে বুধবাৰে সন্ধিয়া ৬:৪০ বজাৰ ভিতৰত চন্দ্ৰযান ৩ চন্দ্ৰত অৱতৰণ কৰিব। কেৱল সেয়াই নহয়, ইয়াৰ লাইভ ষ্ট্ৰীমিংৰো ব্যৱস্থা কৰা হৈছিল।

লগতে পঢ়ক: চন্দ্ৰপৃষ্ঠত সফলতাৰে অৱতৰণ কৰিলে চন্দ্ৰযান-৩, ইতিহাস গঢ়িলে ভাৰতে; ইয়াৰ পিছত কি?

একেদৰে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই সন্ধিয়া ৫:২০ বজাত লাইভ সম্প্ৰচাৰ আৰম্ভ কৰে। ইছৰোৰ ফেচবুক আৰু ইউটিউব পেজত দেখা গ’ল এই লাইভ টেলিকাষ্ট।

প্ৰসংগক্ৰমে আজিৰ দিনটোতে ৫:৪৭ বজাৰ পৰা কাউণ্টডাউন আৰম্ভ হৈছিল। শেষৰ ১৫ মিনিট আটাইতকৈ গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে ই সন্মানজনকভাৱে চন্দ্ৰযান ৩ ৰ লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰে।

লগতে পঢ়ক: দবা বিশ্বকাপৰ ফাইনেলৰ দ্বিতীয় ৰাউণ্ডো ড্ৰ’; টাইব্ৰেকাৰলৈ বিশ্বৰ ১ নম্বৰ কাৰ্লচেনৰ বিৰুদ্ধে ভাৰতীয় প্ৰজ্ঞানন্দৰ যুঁজ

ইয়াৰ পিছত ইছৰোৰ অধ্যক্ষ এছ সোমনাথে কয় যে চন্দ্ৰযান ৩-য়ে গতি হ্ৰাস কৰি সফলতাৰে মসৃন অৱতৰণ কৰে। সেই সময়ত তেওঁ স্পষ্টকৈ কৈছিল যে নিৰ্ধাৰিত সময়ৰ কেইছেকেণ্ডমান আগতে মহাকাশযানখন চন্দ্ৰত অৱতৰণ কৰিছিল।

চন্দ্ৰযান ৩ অৱতৰণৰ সময়ত ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ইছৰোৰ বিজ্ঞানীসকলৰ সৈতে যোগদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৃথিৱীৰ উপগ্ৰহত লেণ্ডাৰ বিক্ৰম অৱতৰণ কৰাৰ সময়ত তেওঁ গৱেষকসকলক অভিনন্দন জনায়। অনাগত দিনত ইছৰ’ই আদিত্য এল ১ মহাকাশযান সূৰ্যলৈ প্ৰেৰণ কৰিব। আজি চন্দ্ৰযান ৩ৰ সফলতাৰ পিছতে তেওঁ সেই প্ৰকল্পৰ ওপৰত মন্তব্য কৰে।

লগতে পঢ়ক: বছৰত দুবাৰকৈ ব’ৰ্ড পৰীক্ষা, অধ্যয়ন কৰিব লাগিব দুটা ভাষা; একাদশ-দ্বাদশ শ্ৰেণীত এলানি পৰিৱৰ্তন

ইছৰোৰ মতে, লেণ্ডাৰ বিক্ৰম ৩০ কিলোমিটাৰ উচ্চতাৰ পৰা লাহে লাহে ভাহি চন্দ্ৰৰ বুকুলৈকে নামি আহিছিল। ইয়াৰ বাবে মাত্ৰ ১৯ মিনিট সময় লাগিল। এই সময়ছোৱাত প্ৰতিটো ঢাপতে ইয়াৰ গতি হ্ৰাস কৰা হৈছিল বুলি জানিব পৰা গৈছে।

Related News