১ জানুৱাৰিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে চানডুবি উৎসৱ

ফাইল ফটো

অহা বৰ্ষৰ পহিলা জানুৱাৰিৰ পৰা ৪ জানুৱাৰিলৈকে অৰ্থাৎ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব ১১ সংখ্যক চানডুবি মহোৎসৱ।

নাগৰিক্তব সংশোধনী আইনক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে গঢ়ি উঠা আন্দোলনৰ বাবে ২০২০ বৰ্ষৰ চানডুবি মহোৎসৱ বাতিল কৰা হৈছিল।

অৱশ্যে ক’ৰ’না মহামাৰীৰ বাবে চলিত বছৰৰ মহোৎসৱখনৰ জাক-জমকতা পূৰ্বৰ দৰেই বাহাল থাকিব নে নাই তাক লৈ কি চিন্তিত হৈছে পৰ্যটকসকল।

ইফালে মহোৎসৱখনৰ বাবে বিলখনৰ সেউজীয়া বাকৰিত বাঁহ, বেত, খেৰ, নৰা আদিৰ উপৰি বিভিন্ন শিল্পকর্মৰে গৃহ তথা মঞ্চ আদিও দৃষ্টিনন্দন ৰূপত সাজি উলিয়াইছে।

উল্লেখ্য যে ১৮৯৭ চনৰ ভূমিকম্পত সৃষ্টি হোৱা এই চানডুবি বিলখনৰ সংৰক্ষণ তথা পৰ্যটকৰ বাবে আকৰ্ষণৰ স্থল হিচাপে পৰিগণিত কৰাৰ বাবে ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ২০১১ৰ পৰা প্ৰতি বছৰে পহিলা জানুৱাৰিৰ পৰা আয়োজন কৰি আহিছে ‘চানডুবি উৎসৱ’।

কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তত অৱস্থিত বিখ্যাত চানডুবি বিলৰ লগতে অঞ্চলটোক পৰ্যটনস্থল হিচাপে অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে অনুষ্ঠিত কৰি অহা চানডুবি উৎসৱত লোকনৃত্য, বিভিন্ন পৰম্পৰাগত খাদ্য সম্ভাৰ, হাতীত উঠা, নাও চালনা, পৰম্পৰাগত খেল-ধেমালি আদি প্ৰদৰ্শিত কৰা হয়।