‘৯২ৰ পৰা নিয়োজিত সুৰক্ষা কৰ্মীক ছাটাইৰ নিৰ্দেশক লৈ উত্তপ্ত মাৰ্ঘেৰিটাৰ ক’ল ইণ্ডিয়া

মাৰ্ঘেৰিটাস্থ উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ বিভিন্ন কলিয়ৰীত নিয়োজিত সুৰক্ষা কৰ্মীসকলক তাৎক্ষণিকভাৱে ছাটাই কৰি সেনা বাহিনীৰ প্ৰাক্তন জোৱানক নিয়োগ কৰাৰ বাবে ঊৰ্ধ্বতন কৰ্তৃপক্ষই দিয়া নিৰ্দেশক লৈ আজি উত্তাল হৈ পৰে মাৰ্ঘেৰিটাস্থ উত্তৰ-পূব কয়লাক্ষেত্ৰৰ মহা প্ৰবন্ধকৰ কাৰ্যালয়।

ঠিকাভিত্তিক নিয়োজিত দুই শতাধিক স্থানীয় সুৰক্ষা কৰ্মীয়ে আজি উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহা প্ৰবন্ধকৰ কাৰ্যালয় প্ৰতিবাদী কাৰ্যসূচীৰে উত্তাল কৰি তোলে।

১৯৯২ চনৰ পৰা বিভিন্ন প্ৰতিষ্ঠানৰ জৰিয়তে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ উৎপাদিত কয়লাকে ধৰি বিভিন্ন ধৰণৰ সুৰক্ষাৰ কামত জড়িত এই সকল স্থানীয় সুৰক্ষা কৰ্মীক চাটাই কৰি প্ৰাক্তন সেনা বাহিনীৰ জোৱানক নিযুক্তি দিয়াৰ বাবে কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা নিৰ্দেশ দিয়াক কেন্দ্ৰ কৰিয়ে প্ৰতিবাদ মুখৰ হৈ পৰিছে সুৰক্ষা কৰ্মী সকল।

প্ৰতিবাদকাৰীসকলে প্ৰায় দুঘণ্টা প্ৰতিবাদ কৰাৰ পিছত প্ৰতিষ্ঠানটোৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰি সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। মন কৰিবলগীয়া যে বৰ্তমান সুৰক্ষা কৰ্মীসকলক পুনৰ কামত যোগদান কৰিবলৈ দিয়া হৈছে। কিন্তু কলিকতাস্থিত মুখ্য কাৰ্যালয়ৰ পৰা অহা নিৰ্দেশ বৰ্তমানো প্ৰত্যাহাৰ হোৱা নাই।

ইফালে প্ৰতিবাদকাৰী সকলে তেওঁলোকৰ কৰ্ম সংস্থাপনৰ সুনিশ্চিত কৰাৰ দাবী জনাইছে। লগতে ক’ল ইণ্ডিয়াই এই প্ৰতিবাদী সুৰক্ষা কৰ্মীসকলক আশ্বস্ত কৰিব নোৱাৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।