মুকলি কৰিবলৈ নৌপাওঁতেই বিস্ফোৰণৰ লক্ষ্য হ’ল বগীবিল দলং?

আজি চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলেৰ নেতৃত্বত চি আৰ পি এফ আৰু ভাৰতীয় সেনা বাহিনীয়ে যুটীয়া অভিযান চলাই অসম-অৰুণাচল সীমান্তৱৰ্তী বালিজান গ্ৰাণ্টৰ পৰা আলফাৰ লিংকমেন বুলি আৰক্ষীয়ে দাবী কৰা এজন যুৱকক আটক কৰে।

লগতে ধৃত যুৱকজনৰ পৰা ২ কেজি বিস্ফোৰক আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা নন-ইলেক্ট্ৰনিক ডিটেনটৰ, এটা ২.২ পিষ্টল আৰু তিনিজাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰে। আটক কৰা যুৱকজনৰ নাম দ্বীপ আৰন্ধৰা ওৰফে মদন বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

আৰক্ষীৰ আগত দ্বীপ আৰন্ধৰাই এই বিস্ফোৰক সামগ্ৰী সমূহ অলপতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা কিন্তু এতিয়াও আনুষ্ঠানিকভাৱে মুকলি কৰিবলৈ বাকী থকা বগীবিল দলঙত বিস্ফোৰণ ঘটাবৈল অনা বুলি স্বীকাৰ কৰাৰ কথা আৰক্ষীয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বগীবিল দলংখন অহা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ কথা।

আনহাতে ১৭ বছৰৰ অপেক্ষাৰ অন্ত পেলাই বহু প্ৰত্যাশিত তথা অসমবাসীৰ গৌৰৱ বগীবিল দলঙত এনেদৰে বিস্ফোৰণ ঘটোৱাৰ চেষ্টা চলোৱা বুলি জানিব পাৰি স্থানীয় ৰাইজ হতচকিত হৈছে।

ইপিনে আৰক্ষীয়ে যুৱকজনে স্বীকাৰ কৰা বুলি কৈছে যদিও ইয়াৰ সত্যতাত সন্দেহ প্ৰকাশ কৰিছে বহুতেই। আলফাৰ লিংকমেন বুলি আৰক্ষীয়ে দাবী কৰিলেও সেয়া প্ৰকৃততে সঁচা নে মিছা এতিয়াও নিশ্চিত হোৱা নাই।