NORTHEAST NOW (Assamese)

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

July 1, 2025 1:17 pm · এন ই নাও নিউজ, গুৱাহাটী

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই দাখিল কৰা অভিযোগনামা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যখনৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা তেওঁলোকৰ বক্তব্যখিনি তলত হুবহু দাঙি ধৰা হ’ল-

বিশিষ্ট সাংবাদিক আৰু ৰাজ‍্য সভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে সাংসদ পুঁজিৰ অপব্যৱহাৰৰ অভিযোগ তুলি অভিযোগনামা দাখিল কৰা দেখি আমি আচৰিত হৈছোঁ। এই কথা সৰ্বজনবিদিত যে সাংসদ পুঁজিৰ  ব্যবহাৰৰ ক্ষেত্রত সাংসদজনৰ ভূমিকা তেনেই সীমিত। সাংসদ পুঁজিৰ ধন আবন্টন কৰাৰ ক্ষেত্রত সাংসদজনৰ দায়িত্ব কেৱল নিৰ্দিষ্ট প্রকল্পসমূহ চিনাক্ত কৰাৰ ক্ষেত্ৰতেই  সীমাবদ্ধ।

 এই সংক্রান্তীয় চৰকাৰী নীতি-নিৰ্দেশনাত এই কথা স্পষ্টকৈ কোৱা হৈছে  যে আঁচনিৰ বাবে আৱন্টিত ধন খৰছৰ সম্পূর্ণ দায়িত্ব জিলা আয়ুক্ত/ উপায়ুক্ত আৰু তেওঁৰ দ্বাৰা গঠিত নিৰ্মাণ সমিতিৰ। আঁচনিৰ ধন মুকলি কৰি দিয়াৰ কৰ্তৃত্ব উপায়ুক্ত অথবা তেওঁ তেনে অধিকাৰ প্ৰদান কৰা ব্যক্তিৰহে। ধন মুকলি কৰি দিয়াৰ পূৰ্বে কামৰ অগ্রগতিৰ বুজ লোৱাটো সংশ্লিষ্ট বিষয়াসকলৰেই দায়িত্ব। তেনে পৰিস্থিতিত মাননীয় সাংসদজনৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ থল ক’ত?

সেয়ে, আমি ভাবোঁ সাংসদ পুঁজিৰ অপব‍্যৱহাৰৰ প্ৰসংগ আনি অজিত কুমাৰ ভূঞা ডাঙৰীয়াৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা সম্পূৰ্ণৰূপে ষড়যন্ত্ৰমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্যপ্ৰণোদিত। তেওঁ যে‌ বিজেপিৰ ধৰ্মীয় সাম্প্ৰদায়িক আৰু‌ স্বৈৰতন্ত্ৰী ৰাজনীতিৰ‌ তীব্ৰ বিৰোধিতা কৰা‌ বাবেই চৰকাৰৰ বিৰাগভাজন‌‌ হৈছে, আৰু এনে চক্ৰান্তমূলক গোচৰৰ বলি হৈছে, সেইটোও দেখ দেখ কথা।

বিগত সময়ত কেন্দ্রীয় চৰকাৰ অথবা অসম চৰকাৰে তেওঁলোকৰ ৰাজনৈতিক বিৰোধীসকলৰ ওপৰত বিভিন্ন ধৰণৰ গোচৰ জাপি দি তেওঁলোকৰ মুখ বন্ধ কৰাৰ যি চেষ্টা চলাইছে, ভূঞাৰ ওপৰত জাপি দিয়া গোচৰো তাৰেই এক অংশ।

অভিযোগনামা দাখিলৰ জৰিয়তে বিৰোধী সাংসদ গৰাকীৰ মুখ বন্ধ কৰিবলৈ চলোৱা এই অপচেষ্টাক আমি গৰিহণা দিওঁ আৰু অবিলম্বে সাংসদগৰাকীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগ প্রত্যাহাৰৰ দাবী জনাওঁ।

স্বাক্ষৰকাৰী সকলঃ  হীৰেন গোহাঁই, অপূৰ্ব কুমাৰ বৰুৱা, নিত‍্য বৰা, আব্দুল মান্নান, ইন্দ্ৰানী দত্ত, মনোৰমা শৰ্মা,পৰেশ মালাকাৰ, দেৱেন তামূলী, মচদ্দৰ হুচেইন, শংকৰ শইকীয়া, দীপক গোস্বামী।

Related News