NORTHEAST NOW (Assamese)

শিৱসাগৰত আছুৰ ছাত্ৰ সংহতি দিৱস পালন

June 10, 2021 3:46 pm · পাৰ্শ্বজ্যোতি গগৈ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো বৃহস্পতিবাৰে আছুৰ উদ্যোগত ছাত্ৰ সংহতি দিৱস পালন কৰা হয় ৷

শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ শ্বহীদ বেদীৰ সন্মুখত ১৯৭৪ চনৰ খাদ্য আন্দোলনত শ্বহীদ হোৱা গজেন ইংতি আৰু প্ৰতুল শইকীয়াক স্মৰণ কৰি বন্তি প্ৰজ্বলন কৰে সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে ৷

ক’ভিড প্ৰটকল মানি অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকনকে ধৰি কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে।

Related News