সমগ্ৰ ৰাজ্য জুৰি ড্ৰাগছৰ বিৰুদ্ধে তৎপৰ হৈ থকা অৱস্থাত বঙাইগাঁৱত আন এক ঘটনা।
বঙাইগাঁও আৰক্ষীৰ বৃহৎ সফলতা।
মানিকপুৰৰ পাতিলাদহাত নিশা হস্ত নিৰ্মিত বন্দুক সহ দুজন লোকক গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে।
পাতিলাদহা – পানবাৰী গড়কাপ্তানি পথৰ পৰা লোক দুজনক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।
লোক দুজন কলবাৰীৰ আবুল হুছেইন আৰু মিনাৰুল আলী বুলি জানিব পৰা গৈছে ।
ধৃত লোক দুজন মানিকপুৰ আৰক্ষীৰ জিম্মাত আছে।
ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত আছে।