হিন্দু -মুছলমানৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক মজুত কৰাৰ বাৰ্তা দি চেন্নাইৰ এহাল মুছলমান দম্পতীয়ে তিৰুপতি মন্দিৰলৈ দান কৰিলে ১ কোটি টকাৰো অধিক ধন।
চেন্নাইৰ চাবিনা বানু আৰু আব্দুল গনি নামৰ দম্পতীহালে তিৰুপতি মন্দিৰলৈ অহা ভক্তৰ জিৰণিৰ বাবে নিৰ্মাণ কৰা পদ্মাৱতী জিৰণি গৃহৰ আচবাব আদি ক্ৰয় কৰাৰ বাবে ৮৭ লাখ টকা দান কৰিছে। একেদৰে তেওঁলোকে মন্দিৰৰ এছ ভি আন্না প্ৰসাদম ট্ৰাষ্টৰ বাবেও ১৫ লাখ টকাৰ দান দিছে।
তেওঁলোকে এনেদৰে মন্দিৰ কৰ্তৃপক্ষক মুঠ ১.০২ কোটি টকা দান কৰে। বালাজী বা তিৰুপতি মন্দিৰ পৃথিৱীৰ আটাইতকৈ ধনী মন্দিৰ হিচাবে মানুহৰ মাজত পৰিচিত ।
এই মন্দিৰ তিৰুমালা তিৰুপতি দেৱস্থানম (টিটিডিয়ে পৰিচালনা কৰি আহিছে।আন্না প্ৰসাদম ট্ৰাষ্টে ভক্তক প্ৰতিদিনে বিনামূলীয়াকৈ আহাৰ খুৱাই আহিছে।
মুছলমান দম্পতীহালৰ এনে কামে এতিয়া বহুতকে অনুপ্ৰাণিত কৰা দেখা গৈছে। এই মন্দিৰলৈ দেশ-বিদেশৰ ভক্তই প্ৰতি বছৰে ধন আৰু বিভিন্ন সামগ্ৰী দান কৰি আহিছে।