বিৰিয়ানীৰ সৈতে গিলিলে লক্ষাধিক টকাৰ গহনা! কিন্তু কিয়?

এক আচৰিত ধৰণৰ ঘটনাই চাঞ্চ্যলৰ সৃষ্টি কৰিছে দেশত ।

এজন লোকে আনৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ গৈ বিৰিয়ানীৰ সৈতে লক্ষাধিক টকাৰ গহণা গিলি পেলোৱাৰ ঘটনাই এতিয়া বহুতৰে মাজত চৰ্চা লাভ কৰিছে।

তামিলনাডুৰ চেন্নাইত এজন ব্যক্তিয়ে বিৰিয়ানীৰ সৈতে ১.৪৫ লাখ টকাৰ গহনা গিলি থয়।

আৰক্ষীয়ে বৃহস্পতিবাৰে ৩২ বছৰীয়া চোৰ জনৰ পেটৰ পৰা১,৪৫ লাখ টকাৰ গহণা খিনি উদ্ধাৰ কৰে।

৩ মে’ত এজন বন্ধুৰ বাসগৃহত চোৰ জনে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ তেওঁৰ এজন বন্ধুৰ ঘৰলৈ গৈছিল। বন্ধুৰ ঘৰত গহণা দেখি চোৰে বিৰিয়ানীৰ সৈতে সেই গহণা গিলি থয়।

গিলি থোৱা গহণাৰ ভিতৰত হীৰাৰ নেকলেছ, এডাল সোণৰ চেইন আদি আছে।

ঘটনাৰ বিষয়ে সন্দেহ কৰি গৃহস্থই বীৰুগাম্বাক্কাম আৰক্ষী থানাৰ কাষ চাপিছিল ।

আৰক্ষীয়ে তদন্ত কৰি চোৰ জনৰ পেটত গহণা থকাৰ প্ৰমাণ পায়। তেওঁৰ পেটৰ চিটি স্কেন কৰাৰ পিছতে উৰহী গছৰ ওৰ ওলাই পৰে।

জেৰাৰ পিছত চোৰ জনে তেওঁৰ অপৰাধ স্বীকাৰ কৰা কৰে যদিও বন্ধুৱে মানৱতাৰ খাতিৰতে চোৰৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰ প্ৰত্যাহাৰ কৰে।