IPL 2021: চেন্নাইৰ হাতত আত্মসমৰ্পণ কলকাতাৰ! স্নায়ুযুঁজত দুই উইকেটত বিজয়ী ধোনী বাহিনী

CSK vss KKR

Chennai Super Kings Beat Kolkata: আইপিএলৰ দ্বিতীয় পৰ্বত একেৰাহে ৰয়েল ছেলেঞ্জাৰ্ছ বাংগালোৰ আৰু মুম্বাইৰ পৰাজিত কৰিলেও চেন্নাই ছুপাৰ কিংছৰ ওচৰত আত্মসমৰ্পন কৰিবলৈ বাধ্য হ’ল কলকাতা নাইট ৰাইডাৰ্ছ।

দেওবাৰে ত্ৰিপাঠী, নীতিশ, কাৰ্তিকৰ দুৰ্দান্তৰ বেটিঙৰ ফলত ১৭১ৰাণৰ লক্ষ্য বান্ধি দিয়াৰ পাছতো চেন্নাইৰ বেটছমেনৰ প্ৰত্যাক্ৰমণ ৰোধ কৰাৰত ব্যৰ্থ হয় কলকাতাৰ বলাৰসকল।

ধোনী ব্যৰ্থ হ’লেও ঋতুৰাজ, ডুপ্লেছিছ, জাডেজাৰ বেটিঙে জয় আনি দিয়ে চেন্নাইক। নিৰ্দিষ্ট ২০অভাৰৰ অন্তিমটো বলত বিজয়সূচক ৰাণটো কৰে চেন্নাইৰ দীপক চাহাৰে।

টছত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লোৱা কলকাতাৰ প্ৰথম অভাৰতে ভুল বুজাবুজিৰ বাবে ৰাণ আউট হৈ যায় শুভমন গীল।

তাৰপাছতে আনজন অপেনাৰ ভেংকটেশ আয়াৰে ৰাহুল ত্ৰিপাঠীৰ সৈতে ৫০ৰাণৰ যুটী বান্ধে যদিও আউট হয় ভেংকটেশ। ইয়াৰ পাছতে অধইনায়ক ইয়ান মৰ্গানো ৮ৰাণ কৰি আউট হৈ যায়।

কিন্তু নীতিশ ৰাণা আৰু ৰাহুল ত্ৰিপাঠীয়ে সুন্দৰ বেটিঙেৰে দলক আগবঢ়াই নিয়ে। শেষৰ পিনে ৰাছেল আৰু কাৰ্তিকৰ আক্ৰমণাত্মক শ্বটৰ জৰিয়তে ১৭১ৰাণৰ স্ক’ৰ তোলে নাইট ৰাইডাৰ্ছে।

প্ৰত্যুত্তৰত ছুপাৰ কিংছৰ অপেনাৰৰ দুৰ্দান্ত বেটিঙে দলক শক্তিশালী কৰি তোলে। নাইট ৰাইডাৰ্ছে হঠাতে খেলখন নিজৰ নিয়ন্ত্ৰণলৈ আনে যদিও জাডেজাৰ দুৰ্দান্ত বেটিঙে কলকাতাৰ আশাত চেঁচাপানী ঢালে।

অন্তিম অভাৰত চেন্নাইৰ প্ৰয়োজন হৈছিল ৪ৰাণৰ। সুনীল নাৰিনে বল হাতত লৈ কিছু প্ৰতিৰোধৰ চেষ্টা চলাইছিল যদিও সেয়া যথেষ্ট নহ’ল। অন্তিমটো বলত প্ৰয়োজন হোৱা ১ৰাণ দীপক চাহাৰে সংগ্ৰহ কৰে।

এই জয়েৰে চেন্নাইয়ে লীগ তালিকাৰ শীৰ্ষস্থান অটুট ৰাখে। আনহাতে, জয় ধাৰা স্থবিৰ হোৱাৰ কলকাতাৰ বাবে কিছু চাপ বাঢ়িল।

সংক্ষিপ্ত স্ক’ৰ

কলকাতা নাইট ৰাইডাৰ্ছ: ২০ অভাৰত ১৭১/৬ (ৰাহুল ত্রিপাঠী ৪৫, নীতিশ ৩৭, কার্তিক ২৬, শার্দূল ২/২০)
চেন্নাই ছুপা কিং: ২০ অভাৰত ১৭২/৮ (ঋতুৰাজ ৪০, ডুপ্লেছিছ ৪৪, মঈন আলি ৩২, নাৰিন ৩/৪১)
চেন্নাই ছপাৰ কিংছ দুই উইকেটে বিজয়ী।