• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL 2024: সোমবাৰে নিশা কলকাতাৰ টোপনি কাঢ়িলে চেন্নাইয়ে; বেটে-বলে অদমনীয় ছুপাৰ কিংছ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 9, 2024 8:22 am
Chennai Super Kings beat Kolkata Knight Riders
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

একেৰাহে তিনিখন মেচত জয়লাভ কৰি গপত ওফন্দি আছিল কলকাতা নাইট ৰাইডাৰ্ছ। সোমবাৰে চেন্নাইৰ সন্মুখত হাইঠা মাটিত পৰিল। আনহাতে, একেৰাহে দুখন মেচত পৰাস্ত হোৱাৰ পাছত কিছু পৰিমাণে চাপত পৰিছিল চেন্নাই ছুপাৰ কিংছ। কিন্তু সোমবাৰে কলকাতাক পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছে পুনৰ জয়ৰ ধাৰালৈ ঘূৰি আহে।

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক ৰুতুৰাজ গাইকোৱাডে টছত জয়লাভ কৰি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। কলকাতাৰ অধিনায়ক শ্ৰেয়াছ আয়াৰেও কৈছিল যে যদি তেওঁ টছত জয়ী হ’লে তেওঁৱো ফিল্ডিং ল’লেহেঁতেন।

নাইটছৰ অ’পেনাৰ ছল্ট প্ৰথম বলটোতে উভতি যায়। নিয়মীয়া ব্যৱধানত পৰিছিল কেকেআৰৰ উইকেট। ২০ অভাৰৰ শেষত কেকেআৰে ৯ উইকেটত ১৩৭ ৰান সংগ্ৰহ কৰে। সেই ৰান অনুসৰণ কৰি চেন্নাই ছুপাৰ কিংছে ১৪টা বল বাকী থকা অৱস্থাত ৭ উইকেটত জয়লাভ কৰে।

আৰম্ভণিৰ পৰা শেষলৈকে অপৰাজিত হৈ ৰয় ৰুতুৰাজ গাইকোৱাড। তেওঁ মেচখন নিয়ন্ত্ৰণ কৰি ৰাখিছিল। তেওঁ অপৰাজিত ৬৭ ৰান কৰে। চিপাকত বেটিং কৰা মহেন্দ্ৰ সিং ধোনীকো দেখা গৈছিল। কিন্তু এইবাৰ তেওঁৰ বাবে কোনো ডাঙৰ সুযোগ নাছিল। বহু যুদ্ধৰ সেনাপতি ধোনী ১ ৰাণত অপৰাজিত হৈ থাকে।

দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৰানৰ পাহাৰ গঢ়িছিল কেকেআৰে। আৰম্ভণিতে সুনীল নৰিনে ধুমুহাৰ সৃষ্টি কৰিছিল। অংগকৃষ ৰঘুবংশী, আন্দ্ৰে ৰাছেলে এক বিস্ফোৰক বেটিঙেৰে নাইটছৰ বাবে বিশাল স্কোৰ গঢ়ি তুলিছিল। সোমবাৰে চেন্নাইৰ বলাৰৰ সন্মুখত কলকাতাৰ বেটিং অৰ্ডাৰ ঠুনুকা হৈ পৰে। পাৱাৰ প্লেত ৰান নুঠিল। প্ৰথম ৬ অভাৰত কেকেআৰে মাত্ৰ ৫৬ ৰান সংগ্ৰহ কৰে। আৰম্ভণিতে ৰানৰ অভাৱে নাইটছৰ ইনিংছত প্ৰভাৱ পেলায়।

তুষাৰ দেশপাণ্ডে প্ৰথম বলত ছল্ট (০)ক ঘূৰাই পঠিয়ায়। সুনীল নাৰিন চিনাকি ছন্দত নাছিল। অৱশ্যে তেওঁ আৰু অংগকৃষে ৫৬ ৰানৰ পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছিল। কলকাতাৰ ইনিংছত খহনীয়াৰ সৃষ্টি কৰে ৰবীন্দ্ৰ জাডেজাই। তেওঁৰ বলতে নাৰিন (২৭) আউট হয়। অংগকৃষেও (২৪) বেছি সময় টিকি নাথাকিল। জাডেজাৰ বলত এল বি ডব্লিউ হয় ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ খেলুৱৈগৰাকী। ভেংকটেশ আয়েৰেও (৩) বেছি সময় ক্ৰীজত তিষ্ঠিব নোৱাৰিলে।

নিয়মীয়া ব্যৱধানত কেকেআৰে উইকেট হেৰুৱায়। উইকেট হেৰুৱাৰ বাবে নাইটছৰ ৰান বৃদ্ধি নহ’ল। কেকেআৰে বিশাল স্কোৰৰ বাবে ৰিংকু, ৰাছেলৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু তেওঁলোকো বিফল হয়। ইনিংছত চাৰি আৰু ছয়ৰ সংখ্যা হ্ৰাস পালে। চেন্নাইৰ বলাৰসকলে কলকাতাৰ বেটছমেনসকলক বান্ধি ৰাখিছিল।

কিন্তু মেচ আৰম্ভ হোৱাৰ পূৰ্বে ৰাছেলে কৈছিল যে একমাত্ৰ ৰিংকু সিঙেহে ছয় মৰাত তেওঁক প্ৰত্যাহ্বান জনাব পাৰে। সোমবাৰে ৰিংকু বা ৰাছেল কোনোৱে ছয় মৰাৰ কৃতিত্ব দেখুৱাব নোৱাৰিলে। দেশপাণ্ডেৰ বলত আউট হোৱা ৰিংকু ঘূৰি অহাৰ পূৰ্বে মাত্ৰ ৯ ৰানহে কৰে। আনহাতে, দেশপাণ্ডেৰ বলতে আউট হোৱা ৰাছেলেও (১০) উধাব নোৱাৰিলে। কলকাতা নাইট ৰাইডাৰ্ছৰ ইনিংছত সৰ্বাধিক ৰান সংগ্ৰহ কৰে শ্ৰেয়াছ আয়েৰে (৩৪)।

নাইট ৰাইডাৰ্ছৰ অসহায় অধিনায়কগৰাকীয়ে এটা মূৰে থিয় হৈ দলটোৱে আনটো মূৰৰ পৰা ইটোৰ পিছত সিটো উইকেট হেৰুৱাই থকা চাই ৰৈছিল। শ্ৰেয়াছে আক্ৰমণাত্মক হোৱাৰ সুযোগ নাপালে। তুষাৰ দেশপাণ্ডে আৰু ৰবীন্দ্ৰ জাদেজাই তিনিটাকৈ উইকেট দখল কৰে। বাংলাদেশী বলাৰ মুস্তাফিজুৰ উভতি অহাৰ লগে লগে চেন্নাইৰ বলিং শক্তিশালী হৈ পৰে। মুস্তাফিজুৰে দুটা উইকেট দখল কৰে।

টী ২০ ফৰ্মেটত ১৩৭ অতি কম ৰান। এই ৰান সংখ্যাৰে খেলখনত জয়ী হ’বলৈ কেকেআৰে আৰম্ভণিৰে পৰাই উইকেট ল’ব লগা হৈছিল। যেতিয়া দলটোৰ ৰান ২৭ হয় তেতিয়া ৰচিন ৰবীন্দ্ৰ (১৫) আউট হয়। টী-২০ ফৰ্মেটত মাত্ৰ চাৰিটা বলৰ সহায়তে মেচৰ ভাগ্য ঘূৰাই আনিব পাৰি। কিন্তু চেন্নাইৰ অধিনায়ক ৰুতুৰাজে শীতল মগজুৰে পৰিস্থিতি চম্ভালিলে। তেওঁৰ বেটিঙত খৰখেদা দেখা নগ’ল।

কলকাতাৰ বলাৰসকলে সঠিক সময়ত আঘাত হানিব পৰা নাছিল। ২৫ কোটি টকীয়া মিচেল ষ্টাৰ্কক অতি সাধাৰণ যেন লাগিল। মিচেলে (২৫) সুনীল নাৰিনক অপ্ৰয়োজনীয়ভাৱে ষ্টেপ আউট কৰি মাৰিবলৈ গৈ উইকেট হেৰুৱায়। চেন্নাই শিবিৰত বিজয়ৰ গোন্ধ ইতিমধ্যে প্ৰৱেশ কৰিছিল। মেচখনত জয়ৰ পথত ওলাই অহাৰ সময়তে আউট হয় শিৱম ডুবে (২৮)। তিনি ৰান বাকী থকা অৱস্থাত খেলপথাৰত প্ৰৱেশ কৰে ধোনীয়ে। দৰ্শকে খেলপথাৰত প্ৰৱেশৰ মুহূৰ্তটো কেমেৰাত বন্দী কৰিলে। তেওঁ ১ ৰাণত অপৰাজিত হৈ থাকে। তেওঁ আৰু চেন্নাইৰ ধ্বনিৰে মুখৰিত হৈ পৰে চিপক। পুনৰ অপ্ৰতিৰোধ্য হৈ আগবাঢ়িছে চি এছ কে।

সংক্ষিপ্ত স্কোৰঃ

কলকাতা নাইট ৰাইডাৰ্ছ ১৩৭/৯ (শ্ৰেয়াছ ৩৪, নাৰিনে ২৭, জাডেজা ৩/১৮, তুষাৰ ৩/৩৩)

চেন্নাই ছুপাৰ কিংছ ১৪১/৩ (ৰুতুৰাজ ৬৭*, ডুবে ২৮)

চেন্নাইয়ে ৭ উইকেটত জয়লাভ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

বানে স্তব্ধ কৰিছে মায়া নগৰী মুম্বাইৰ জনজীৱন : বন্ধ স্কুল-কলেজ, ৰেল-বিমান সেৱা ব্যাহত, ১২ গৰাকীৰ মৃত্যু

August 19, 2025 7:50 pm
গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

গুৱাহাটীত স্থাপন হ’ব IIM, ৫৫০ কোটি টকা আবণ্টনেৰে লোকসভাত গৃহীত বিধেয়ক

August 19, 2025 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

গুৱাহাটী মেডিকেল কলেজত সদ্যোজাত শিশুৰ মৃত্যুৱে উদঙাইছে চৰকাৰী চিকিৎসা ব্যৱস্থাৰ স্বৰূপ

August 19, 2025 9:15 pm
ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

ভাৰতীয় মহিলা এদিনীয়া বিশ্বকাপৰ দল ঘোষণা, বাদ পৰিল ছেফালী বাৰ্মা

August 19, 2025 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd