এগৰাকী হিন্দু যুৱতীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি বিয়া কৰোৱাই এতিয়া বিপদত পৰিছে এজন নেতাৰ পুত্ৰ।
বাংলাদেশৰ ৰাজনৈতিক দল বিএনপিৰ নেতাৰ পুত্ৰ সৈতে লণ্ডনলৈ পঢ়িবলৈ গৈ চিনাকী হৈছিল ভাৰতৰ চেন্নাইৰ এগৰাকী হিন্দু যুৱতীৰ।
বাংলাদেশৰ নেতা জনৰ পুত্ৰই ভাৰতীয় হিন্দু যুৱতীগৰাকীক বিয়া পতাৰ উদ্দেশ্যে লণ্ডনতে তেওঁক অপহৰণ কৰে আৰু পিছত বলপূৰ্বক বাংলাদেশলৈ লৈ যায়।
তাতেই হিন্দু যুৱতীগৰাকীক বলপূৰ্বক ধৰ্মান্তৰিত কৰি তেওঁক বিয়া পাতে।
এই ঘটনাৰ পিছতে যুৱতীগৰাকীৰ পিতৃয়ে চেন্নাইৰ এখন থানাত বাংলাদেশৰ নেতাৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ দিয়ে।
কিন্তু অভিযুক্ত বিদেশৰ হোৱা বাবে ঘটনাটোৰ তদন্তৰ ভাৰ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াক অৰ্পন কৰা হয়।
নিয়াৰ তদন্তকাৰী বিষয়াসকলে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে আৰু সম্প্ৰতি লণ্ডনত থকা যুৱতীগৰাকীৰ সৈতে কথা পাতিবলৈ সক্ষম হৈছে।
উল্লেখ্য দেশৰ ভিতৰত বহু যুৱতীয়ে লাভ জেহাদৰ চিকাৰ হ’বলগীয়া হোৱাত চৰকাৰে লাভ জেহাদৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিবলৈ বাধ্য হৈছে।
এতিয়া দেশৰ বাহিৰতো ভাৰতীয় যুৱতী লাভ জেহাদৰ চিকাৰ হোৱাৰ বিষয়টোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে।