NORTHEAST NOW (Assamese)

কিডনি আৰু লিভাৰ সুস্থ ৰাখিবলৈ খাওক জিলমিল শাক!

September 13, 2020 12:50 pm · এন ই নাও নিউজ
জিলমিল শাক।

সাধাৰণতে আমাৰ চকুৰ সন্মুখত দেখি এই শাকবিধৰ উপকাৰ জানিলে আচৰিত হোৱাৰেই কথা।

জিলমিক শাক হিচাপে পৰিচিত এই শাকবিধ বেলেগৈ খেতি কৰাৰ প্ৰয়োজন নাথাকে। পথাৰত, বাটৰ দাঁতিত বা পুখুৰীৰ পাৰত সকলোতে নিজে নিজেই গজি উঠে জিলমিল শাক।

অৱশ্যে, এই শাক কেবল শীতকালতহে পোৱা যায় যদিও আজিকালি প্ৰায় গোটেই বছৰতে এই দেখিবলৈ পোৱা যায়।

ভিটামিন এ, চি, পটাছিয়াম, মেগনেছিয়াম, কেলছিয়াম, আইৰণ, এমিন’ এচিড, ফছফৰাছ তথা জিংকেৰে সমৃদ্ধ জিলমিল শাক স্বাস্থ্যৰ বাবে পৰম উপকাৰী।

জিলমিল শাকৰ কেইটামান চমৎকাৰী ঔষধি গুণৰ বিষয়ে জানি লওক-

(ক) গৰমপানী পৰি ছালৰ কোনো অংশ পুৰিলে বা জ্বলা ফুটিলে সেই অংশত জিলমিল শাক বটি লেপন লগাই দিয়ক। ছালৰ পোৰণি ক্ষিপ্ৰভাৱে কমি যাব।

(খ) মুখত ঘা হ’লে জিলমিল শাক চোবাই খাব পাৰিলে বা সামান্য সিজাই খালে ঘা সোনকালে উপশম হয়।

(গ) প্ৰস্ৰাৱৰ সময়ত জ্বলাপোৰা কৰিলে জিলমিল শাকৰ সৈতে দুচামুচ জিৰাৰ গুৰি, দুচামুচ গোল নেমুৰ ৰল মিহলাই চৰবৎ বনাই খাওক।

দিনত দুবাৰকৈ এই চৰবৎ খালে এই সমস্যা দূৰতে বিদূৰ হ’ব।

(ঘ) কিডনিত পাথৰ হ’লে দিনে একাপ জিলমিল শাকৰ ৰস খাব পাৰিলে উপকাৰ পোৱা যায়।

(ঙ) ছালত বগা দাগৰ দৰে সমস্যা নিৰাময়ত জিলমিল শাক অতি উপকাৰী।

Related News