অৱহেলাৰ প্ৰত্যুত্তৰ! ডাবল চেঞ্চুৰীৰে ডন ব্ৰেডমেনৰ অতুলনীয় অভিলেখৰ পিনে ধাৱমান পূজাৰা

কেৰিয়াৰত তেওঁ ১০০ খনতকৈও অধিক টেষ্ট খেলিছে। তেওঁক কেইবাবাৰো ড্ৰপ কৰা হৈছিল। আকৌ ৰাষ্ট্ৰীয় দললৈ প্ৰত্যাৱৰ্তনো কৰিছিল। বিদেশৰ মাটিত ভাৰতৰ টেষ্ট জয়, পৰাজয়ৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। যোৱা বছৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত দুয়োটা ইনিংছতে ব্যৰ্থ হৈছিল। তাতেই যেন তেওঁৰ ভাগ্য অস্পষ্ট হৈ পৰিছিল।

চেতেশ্বৰ পূজাৰাই ৰঞ্জী ট্ৰফীলৈ ঘুৰি আহিয়েই দ্বিশতকেৰে নতুন ছিজনৰ আৰম্ভণি কৰিছে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত তেওঁ নিজৰ কেৰিয়াৰৰ ১৭তম দ্বিশতক অৰ্জন কৰে। ৰঞ্জী ট্ৰফীত পূজাৰাৰ এয়া অষ্টম ডাবল চেঞ্চুৰী। তেওঁ লগতে এক অভিলেখো গঢ়ি তুলিছে।

যোৱা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পাছত ভাৰতে ৱেষ্ট ইণ্ডিজ ভ্ৰমণ কৰিছিল। নিৰ্বাচকসকলে যুৱ খেলুৱৈসকলক সুযোগ দিয়াৰ কথা কয়। লগতে কোৱা হৈছিল যে পূজাৰাৰ বাবে ৰাষ্ট্ৰীয় দলৰ দুৱাৰ বন্ধ হোৱা নাই। কিন্তু বাস্তৱতে যেন দুৱাৰখন বন্ধ হৈ গৈছিল।

দক্ষিণ আফ্ৰিকা ভ্ৰমণতো কোনো সুযোগ নাহিল। ৰাষ্ট্ৰীয় দললৈ ঘূৰি আহিবলৈ বদ্ধপৰিকৰ হৈ পৰিছে চেতেশ্বৰ পূজাৰা। তেওঁ ৰঞ্জি ট্ৰফী বাছি লৈছিল। প্ৰথমখন খেলতেই অপৰাজিত ২৪৩ ৰানৰ অনবদ্য ইনিংছ। দিশহাৰা হৈ পৰিল ঝাৰখণ্ডৰ বলাৰসকল।

চেতেশ্বৰ পূজাৰা এতিয়া ৰঞ্জি ট্ৰফীত দ্বিশতকৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে। পাৰশ ডোগ্ৰাই ৯টা দ্বিশতক অৰ্জন কৰিছিল। ৰঞ্জি ট্ৰফীত পূজাৰাই অষ্টমটো দ্বিশতক অৰ্জন কৰে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত পূজাৰাৰ মুঠ ১৭টা দ্বিশতক। পূজাৰা এইবাৰ হাৰ্বাৰ্ট ৰেমক্লিফ, মাৰ্ক ৰামপ্ৰকাশৰ সৈতে একেশাৰীত বহিল। তিনিওজনে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১৭টা দ্বিশতক অৰ্জন কৰিছে। পূজাৰাই এই দুজনক অতি সোনকালে অতিক্ৰম কৰিব পাৰে।

প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত দ্বিশতকৰ তালিকাৰ শীৰ্ষত আছে কিংবদন্তি ডন ব্ৰেডমেন। তেওঁৰ ৩৭টা ডাবল চেঞ্চুৰী আছে। ইয়াৰ পিছতে আছে ৱালি হামণ্ড (৩৬টা) আৰু পেট্ ছি হেণ্ড্ৰেনে (২২টা)। এই তালিকাত চেতেশ্বৰ পূজাৰা আৰু কিমান আগবাঢ়ি যাব পাৰিব?