NORTHEAST NOW (Assamese)

টীয়কৰ ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষট পূজা উদযাপন

November 20, 2020 5:58 pm · নিৰ্মলেন্দু পাঠক

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টীয়কতো ঐতিহাসিক টীয়ক নদীৰ ঘাটত ষট্ জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে আয়োজিত হৈছে ষট্ পূজা ।

১৯৬৪ চনৰ পৰা ধাৰাবাহিকভাবে আয়োজন কৰি অহা টীয়কৰ এই ষট্ পূজাত বিগত সময়ত ব্যপক উৎসাহ দেখা গৈছিল যদিও এইবাৰ কোভিডৰ বাবে জনসাধাৰণৰ উৎসাহ ম্লান পৰা দেখা গ’ল।

এইবাৰ কোভিড প্ৰট’কল ৰক্ষা কৰি উদ্যোক্তা সকলে অনুষ্টুপিয়াকৈ ষট্ পূজা অনুষ্ঠিত কৰে।

জাকজমকতা তথা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি কেৱল আধ্যাত্মিকতা ৰক্ষা কৰি সকলোৱে সূৰ্য্য দেৱতাক উপাসনা কৰে আৰু পূজাস্থলীৰ পৰাই ক’ৰ’না মহামাৰীৰ সন্ত্ৰাসৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ নেদেখাজনৰ ওচৰণ সেৱা আগবঢ়ায়।

গুৱাহাটীৰো বিভিন্ন প্ৰান্তত ষট পূজা উদযাপন কৰা হয়। ষট পূজাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মহানগৰ জিলা প্ৰশাসনে যান-যট নিয়ন্ত্ৰণৰ বাবে পথৰ নিৰ্দেশনাও আগবঢ়াইছে।

আনহাতে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ দেশৰ বহুকেইখন ৰাজ্যই নদীৰ পাৰত ষট পূজা উদযাপনৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল।

Related News